বাক্সা, ৩১ আগষ্ট (হি.স.)। আগন্তুক বিটআৰ নিৰ্বাচনত বিপিএফ দলৰ পৰা টিকট বঞ্চিত ধৰণীধৰ বড়োৱে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰিছে। বিপিএফত ব্যাপক খহনীয়াৰ সৃষ্টি কৰি গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ধৰণীধৰ বড়োৱে।
প্ৰাক্তন এচিএছ বিষয়া তথা বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ধৰণীধৰ বড়োৱে গোৰেশ্বৰত এখন সংবাদ মেলত আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে। সংবাদ মেলত ধৰণীধৰ বড়োৱে কয় যে বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিত বিপিএফ দলৰ পৰা তেওঁ টিকটৰ অন্যতম দাবীদাৰ আছিল। কিন্তু দলে টিকট নিদিয়াত তেওঁ সমষ্টিটোত নিৰ্দলীয় হৈ নিৰ্বাচন খেলিব । ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ধৰণীধৰ বড়োৱে এই সিদ্ধান্ত লোৱা বুলিও সংবাদ মেলত সদৰি কৰে।
উল্লেখ্য যে বিটিচি নিৰ্বাচনত গোৰেশ্বৰ সমষ্টিত চাৰিবাৰৰ তিনিবাৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
