• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > বিটিচিৰ শাসনৰ বাঘজৰী পুনৰ হাগ্ৰামাৰ হাতলৈ, বড়োভূমিত বিপিএফৰ প্ৰত্যাৱৰ্তন
Regional

বিটিচিৰ শাসনৰ বাঘজৰী পুনৰ হাগ্ৰামাৰ হাতলৈ, বড়োভূমিত বিপিএফৰ প্ৰত্যাৱৰ্তন

CliQ INDIA
Last updated: September 28, 2025 7:20 am
CliQ INDIA
Share
4 Min Read
SHARE

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ (হি.স.)। সদায় ক্ষমতাত থাকিব বিচৰা লোকজনে বিগত ৫ টা বছৰে ক্ষমতাহীন হৈ আছিল। বড়োভূমিৰ বাঘজনে যেন গুমৰিব পৰা নাছিল। কিন্তু হাৰি যোৱা নাছিল। অপেক্ষা কৰিছিল সময়ৰ, আৰু আজি ৫ বছৰ পিছত যেন পুনৰ বিটিচিৰ ৰাইজে ৰজা পাতিলে হাগ্ৰামা মহিলাৰীক। কিয়নো নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিটিআৰৰ শাসনৰ বাঘজৰী পুনৰ নিজৰ দখললৈ আনিবলৈ সক্ষম হল হাগ্ৰামা মহিলাৰীৰ নেতৃত্বধীন বিপিএফ দলে। বড়োভূমিত হাগ্ৰামাই পুনৰ উৰুৱালে বিপিএফৰ বিজয় ধ্বজা। ক্ষমতা বিচৰা মানুহজনে পুনৰ শক্তিশালী ভাৱে নিজৰ উপস্থিতি সজোৰে ঘোষণা কৰি পুনৰ আহিল ক্ষমতালৈ।

বিটিআৰৰ শাসনৰ গাদীত থাকি তথা চৰকাৰৰ সহযোগী দল হৈও ইউ পি পি এল দলে এইবাৰ মুখথেকেচা খাব লগীয়া হল আৰু কেৱল মাত্ৰ ৭ খন আসনতে থমকি ৰবলগীয়া হল। থিক তেনেদৰে শাসকীয় বিজেপি দলেও বিটিচিত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল , আনকি মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাইও কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছিল। ইমানৰ পিছতো কিন্তু বিপএফ দলেই শেষ হাহি মাৰিবলৈ সক্ষম হয়। হাগ্ৰামা মহিলাৰীৰ সুনিপুন ৰণনীতি তথা ৰাইজেও যেন এইবাৰ ইউ পি পি এলৰ কাম কাজত সিমান সন্তুষ্ট নহৈ ইয়াৰ বিপৰীতে বিপিএফক পুনৰ শাসনৰ গাদীত বহুৱালে।

উল্লেখ্য যে বিটিচি ৰ মুঠ ৪০খন আসনৰ ভিতৰত সৰ্বাধিক ২৮খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে। আনহাতে, ৭খন আসন লাভ কৰিলে শাসকীয় ইউ পি পি এলয়ে। বিজেপিয়ে লাভ কৰিলে ৫ খন আসন।

ইয়াৰ বিপৰীতে এখনো আসন লাভ কৰিব সক্ষম নহ’ল ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছে। দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে জয়লাভ কৰে। চিৰাং দুৱাৰত ইউ পি পি এলৰ খাম্পা বৰগয়াৰীয়ে জয়লাভ কৰে। লক্ষণীয়ভাৱে দেৱৰগাঁৱত হাগ্ৰামা মহিলাৰীৰ হাতত খাম্পা বৰগয়াৰী পৰাজয় হোৱাৰ বিপৰীতে, চিৰাং দুৱাৰত খাম্পা বৰগয়াৰীৰ হাতত পৰাজয় বৰণ কৰিলে হাগ্ৰামা মহিলাৰীয়ে। গয়াবাৰী সমষ্টিত প্ৰমোদ বড়োৱে জয়লাভ কৰে। আনহাতে দোতমা সমষ্টিত পৰাজয় বৰণ কৰিলে প্ৰমোদ বড়োৱে। কচুগাঁৱত জয়লাভ কৰে বিপিএফ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীয়ে। বাগানপাৰাত জয়লাভ কৰিছে বিজেপিৰ ৰেখাৰাণী দাস বড়োৱে। যমদুৱাৰত জয়লাভ কৰে বিপিএফৰ প্ৰাৰ্থী উইলিয়াম নাৰ্জাৰীয়ে। ছালাকাটিত জয়লাভ কৰে বিপিএফ প্ৰাৰ্থী দেৰহাছাত বসুমতাৰীয়ে। কাজলগাঁৱত বিপিএফ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মই জয়লাভ কৰে। ইফালে নিচিমা সমষ্টি বিপিএফ প্ৰাৰ্থী জেমছ বসুমতাৰীৰ হাতলৈ যায় । একেদৰে পৰ্বতঝোৰাত বিপিএফৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মই পুনৰ জয়লাভ কৰে।

গোমা সমষ্টিত জয়লাভ কৰে বিপিএফৰ প্ৰাৰ্থী আনটাজ আলীয়ে। শ্ৰীৰামপুুৰত জয়ী বিপিএফৰ প্ৰাৰ্থী মোকলেশ্বৰ ৰহমান। চৰাইবিলত বিপিএফ প্ৰাৰ্থী মৃত্যুঞ্জয় নাৰ্জাৰীয়ে জয়লাভ কৰিছে । ফকিৰাগ্ৰামত জয়লাভ কৰিছে বিপিএফ প্ৰাৰ্থী আজামুল হকে। দোতমা সমষ্টিত বিপিএফৰ প্ৰকাশ বসুমতাৰীয়ে শেষ হাঁহি মাৰিছে। বনৰগাঁৱত জয়ী হৈছে বিপিএফ প্ৰাৰ্থী জুবিৰাজ বসুমতাৰী। বাওখুংগ্ৰীত বিপিএফ প্ৰাৰ্থী ধনেশ্বৰ গয়াৰীয়ে জয়লাভ কৰে। চিৰাং সমষ্টিত জয়লাভ কৰিছে বিপিএফ প্ৰাৰ্থী শুকুৰসিং মুছাহাৰীয়ে। ছবাইঝাৰত বিপিএফ প্ৰাৰ্থী ধিৰাজ বৰগয়াৰীয়ে জয়লাভ কৰাৰ বিপৰীতে মানস-ছেৰফাং সমষ্টিত ইউ পি পি এল প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰী জয়ী হয়। থুৰিবাৰীত বিপিএফ প্ৰাৰ্থী খলিলুৰ ৰহমানে জয়লাভ কৰে। মথনগুৰি সমষ্টিত জয়ী বিপিএফৰ বেগম আখতাৰা আহমেদ আৰু শালবাৰীত বিপিএফ প্ৰাৰ্থী দিগন্ত গয়াৰীয়ে জয়লাভ কৰে। কোকলাবাৰীত জয়লাভ কৰিছে ইউ পি পি এল প্ৰাৰ্থী মণ্টু বড়োৱে।

দিহিৰা সমষ্টিত জয়লাভ কৰিছে বিপিএফ প্ৰাৰ্থী আগষ্টাছ টিগ্গাৰ। মুছলপুৰত জয়লাভ কৰে ইউ পি পি এল প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই। দৰঙাজুলিত বিজেপি প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰীয়ে জয় লাভ কৰে। নাগ্ৰিজুলীত বিজেপি প্ৰাৰ্থী ভজন দাস বিজয়ী হয়। গয়বাৰীত জয়লাভ কৰে প্ৰমোদ বড়োৱে। শুক্লাই ছেৰফাঙত বিপিএফ প্ৰাৰ্থী গণেশ কছাৰীয়ে জয়লাভ কৰে। গোৰেশ্বৰত জয়লাভ কৰিছে বিপিএফ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীয়ে । খৈৰাবাৰীত বিপিএফ প্ৰাৰ্থী লামশ্ৰাও দৈমাৰীয়ে জয়লাভ কৰে। ননৈ ছেৰফাং সমষ্টিত বিপিএফ প্ৰাৰ্থী পল টপে জয়লাভ কৰে। খালিং দুৱাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী অৰ্জুন দৈমাৰীয়ে জয়লাভ কৰিছে। মুদৈবৰী সমষ্টিত জয়লাভ কৰিছে বিপিএফ প্ৰাৰ্থী জগদ্বীশ সৰকাৰে। হৰিশিঙাত জয়লাভ কৰে বিপিএফ প্ৰাৰ্থী ত্ৰিদীপ দৈমাৰীয়ে। ধনশ্ৰীত বিপিএফ প্ৰাৰ্থী ফ্ৰেছ মুছাহাৰীয়ে জয়লাভ কৰে। ইফালে পাঁচনৈ ছেৰফাঙত জয়লাভ কৰিছে বিপিএফ প্ৰাৰ্থী শ্যাম ছুণ্ডীয়ে। ৰৌতা সমষ্টিত বিপিএফ প্ৰাৰ্থী চৰণ বড়োৱে জয়লাভ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী

You Might Also Like

যোৰাবাটত যানবাহন আৰক্ষীৰ তালাচী অভিযান
ধিঙৰ চালনাবড়িত মহিলা নিৰুদ্দেশ | BulletsIn
বিজনীত শ্বাহীদ লাফিকুল ইছলাম আহমেদ নামাকৰণৰে নিৰ্মীয়মান ভৱনৰ আধাৰশিলা স্থাপন
জুৰীয়াৰ শিঙিয়া পথাৰত চোৰৰ চাফাই অভিযান
ওদালগুৰিত যুৱ বিপিএফ ৰ কাৰ্যনিৰ্বাহক বৈঠক | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কলিকতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত ন্যায়ামূৰ্তি সুজয় পাল
Next Article অষ্ট্ৰেলিয়াৰ ২১ বছৰ অনুৰ্ধ দলৰ হাতত ৫-০ গ’লত পৰাস্ত ভাৰতীয় জুনিয়ৰ মহিলা হকী দল
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?