
যোৰাবাট , ২৪ ডিচেম্বৰ (হি.স.)। নৱবৰ্ষ আৰু গণৰাজ্য দিৱসৰ প্ৰাক্মুহূৰ্তত তৎপৰতা বৃদ্ধি নিৰাপত্তা ব্যৱস্থাৰ। যোৰাবাট আৰক্ষী আৰু ট্ৰাফিক আৰক্ষীয়ে একেলগে যৌথভাৱে যান-বাহন পৰীক্ষা অভিযান আৰম্ভ কৰিছে।
নৱবৰ্ষ আৰু আগন্তুক গণৰাজ্য দিৱস উপলক্ষে যোৰাবাট আৰক্ষী আৰু ট্ৰাফিক আৰক্ষীয়ে এলেকাটোৰ গুৰুত্বপূৰ্ণ স্থানসমূহত যৌথভাৱে বাহনৰ নথি-পত্ৰ পৰীক্ষা অভিযান আৰম্ভ কৰিছে।
এই অভিযানত যান-বাহনৰ চালকৰ ড্ৰাইভিং লাইচেন্স, গাড়ীৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ লগতে মদ্যপান কৰি গাড়ী চলোৱা আৰু অন্যান্য ট্ৰাফিক উলংঘনৰ ওপৰত নজৰ দিয়া হৈছে।
আৰক্ষী বিষয়াসকলে জনাইছে যে এই উদ্যোগৰ উদ্দেশ্য হৈছে দুৰ্ঘটনা ৰোধ কৰা, অপৰাধমূলক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰা। বিশেষকৈ নিশাৰ সময়ত, অধিক গতিৰে গাড়ী চলোৱা আৰু সন্দেহজনক যান-বাহনৰ ওপৰত অধিক নজৰ দিয়া হৈছে।
এই যৌথ অভিযান আগন্তুক দিনসমূহতো অব্যাহত থাকিব বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে জনসাধাৰণক আইন মানি চলিবলৈ আৰু আৰক্ষীৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar
