কোকৰাঝাৰ, ০১ ডিছেম্বৰ (হি.স.)। কোকৰাঝাৰৰ বিটিচি সচিবালয়ত আক্ৰমণৰ ঘটনাক লৈ দেওবাৰে এক গোচৰ ৰুজু কৰা হৈছে । বিটিচি সচিবালয়ত প্ৰতিবাদকাৰীয়ে চলোৱা লংকাকাণ্ডক লৈ এজাহাৰ দিছিল বিটিচি সচিবালয় কৰ্তৃপক্ষই। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ বিটিচিত ক্ষোভৰ উদ্গীৰণ ঘটিছিল। প্ৰতিবাদৰ মাজতে বিটিচি সচিবালয়ত লংকাকাণ্ড সংঘটিত কৰি লণ্ড-ভণ্ড কৰিছিল। এই ঘটনাৰ এতিয়া গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে।
বিটিচি সচিবালয়ত কৰা আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়ে বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে। ঘটনা সংঘটিত কৰা এনে চক্ৰৰ বিৰুদ্ধে উচিত পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰে বিটিচিৰ অধ্যক্ষগৰাকীয়ে। ঘটনাক লৈ ইতিমধ্যে বিটিচিৰ সচিবালয় কৰ্তৃপক্ষই দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে।
উল্লেখ্য যে শনিবাৰে অসম বিধানসভাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিলৰ পূৰ্বে ইয়াৰ বিৰোধিতা কৰি বিটিচিৰ ৰাজপথত নামিছিল একাংশ প্ৰতিবাদকাৰী ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা সচিবালয়লৈ উলিয়াইছিল প্ৰতিবাদী সমদল। কিন্তু প্ৰতিবাদী জনতাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল বিটিচি সচিবালয়। বিটিচি সচিবালয়ৰ বাহিৰে ভিতৰে লংকাকাণ্ডৰ সৃষ্টি কৰিছিল প্ৰতিবাদীসকলে। জনজাতীয় ছাত্ৰ সমাজে বিটিচি পৰিষদীয় ভৱনৰ সদন ক্ষেত্ৰত প্ৰৱেশ কৰি চেয়াৰ-টেবুল, আচবাব, টিভি আদি ভাঙি লণ্ডভণ্ড কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
