ভাৰতৰ বিত্তীয় ৰাজধানী মুম্বাই ভ্ৰমণ কৰা বেছিভাগ লোকেই গেটৱে অৱ ইণ্ডিয়া (ভাৰতৰ দুৱাৰমুখ)লৈ যায় আৰু ইয়াৰ স্থাপত্যৰ ভৱ্যতাক লৈ আপ্লুত হয়। ইয়াৰ ইতিহাস ১৯১১ চনৰ ২ ডিচেম্বৰৰ পৰাই আৰম্ভ হয়। এই তাৰিখত তেতিয়াৰ ব্ৰিটিছ ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰীয়ে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰে। ইংৰাজে তেওঁলোকক ধন্যবাদ জনাই আৰু তেওঁলোকৰ ভ্ৰমণৰ স্মৃতিত সাগৰীয় পথৰ প্ৰৱেশদ্বাৰ হিচাপে ভাৰতৰ দুৱাৰখন নিৰ্মাণ কৰিছিল।
দক্ষিণ মুম্বাইৰ সাগৰৰ পাৰৰ ওচৰত অৱস্থিত এই ২৬ মিটাৰ উচ্চতাৰ গেটখন ১৯২৪ চনত প্ৰখ্যাত স্থপতিবিদ জৰ্জ ভিনচেণ্টৰ তত্বাৱধানত সম্পূৰ্ণ হয়। সাগৰীয় পথেৰে মুম্বাইত উপস্থিত হোৱাৰ লগে লগে মহানগৰখনত দেখা পোৱা প্ৰথমটো অট্টালিকা হৈছে ভাৰতৰ গেটৱে অৱ ইণ্ডিয়া।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৮০৪ : নেপোলিয়ন বোনাপাৰ্টক ফ্ৰান্সৰ সম্ৰাট হিচাপে অভিষিক্ত কৰা হয়।
১৯১১: পঞ্চম জৰ্জ আৰু ৰাণী মেৰী ভাৰত ভ্ৰমণ কৰা প্ৰথম ব্ৰিটিছ ৰজা-ৰাণী হিচাপে পৰিগণিত হয়। বম্বে (বৰ্তমান মুম্বাই)ত তেওঁৰ আগমনৰ স্মৃতিত গেটৱে অৱ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল।
১৯৭৬ : ফিডেল কাষ্ট্ৰো কিউবাৰ ৰাষ্ট্ৰপতি হয়।
১৯৭১ : আৰব উপদ্বীপৰ ছটা অঞ্চল একত্ৰিত হৈ সংযুক্ত আৰব আমিৰশ্বাহী গঠন কৰে। ১৯৭২ চনৰ ফেব্ৰুৱাৰী মাহত সপ্তমখন দেশেই তেওঁলোকৰ সৈতে যোগদান কৰে।
১৯৮৯ : বিশ্বনাথ প্ৰতাপ সিং দেশৰ সপ্তম প্ৰধানমন্ত্ৰী হয়।
১৯৯৯ : ভাৰতত বীমা খণ্ডত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ অনুমোদন লাভ কৰে।
২০০৩ : বছনিয়ান ছাৰ্বৰ প্ৰাক্তন সামৰিক সেনাধ্যক্ষ মমিৰ নিকোলিচক ১৯৯৫ চনৰ গণহত্যাৰ বাবে ৰাষ্ট্ৰসংঘৰ যুদ্ধ অপৰাধ আদালতে হেগৰ দোষী সাব্যস্ত কৰি ২৭ বছৰৰ কাৰাদণ্ড বিহা হয়।
২০০৬ : ফিলিপাইনছত আগ্নেয়গিৰিৰ ধ্বংসাৱশেষ পৰি ২০৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৬১ জন লোক আহত হয়।
২০০৭ : তেতিয়াৰ পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে ৮ জানুৱাৰীৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দেশখনত প্ৰতিবাদ আৰু সমাৱেশ নিষিদ্ধ কৰে।
জন্ম-
১৯৩৭ : লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মনোহৰ যোশী।
১৯৩৯ : চিত্ৰনাট্যকাৰ অচলা নাগৰ।
১৯৬০ : বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নড্ডা।
১৯৬৩ : প্ৰখ্যাত ভাৰতীয়-আমেৰিকান বিজ্ঞানী শিৱ আয়াদুৰাই।
মৃত্যু
১৯১৮ : ভাৰতৰ আগশাৰীৰ শিক্ষাবিদ গুৰুদাস বেনাৰ্জী।
১৯৬৯ : ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি ক্লিমেণ্ট ভৰ’শ্বিলভ।
২০১২ : হিন্দী চিনেমাৰ চৰিত্ৰ অভিনেত্ৰী প্ৰীতি গাংগুলী।
২০১৪: হিন্দী চিনেমাৰ বিখ্যাত কমেডিয়ান দেৱেন বৰ্মা।
গুৰুত্বপূৰ্ণ দিন
-আন্তঃৰাষ্ট্ৰীয় দাসত্ব বিলুপ্তি দিৱস।
-ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস।
-আন্তঃৰাষ্ট্ৰীয় কম্পিউটাৰ সাক্ষৰতা দিৱস
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
