
বাক্সা, ১৬ অক্টোবৰ (হি.স.): মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জত এক অঘটন সংঘটিত হৈছে ৷ বনৰীয়া মহৰ আক্ৰমণত নিহত হয় এজন বনৰক্ষী ৷ নিহত বনৰক্ষী জন বাক্সাৰ বাতাবাৰীৰ ৰবীন বসুমতাৰী বুলি পৰিচয় পোৱা গৈছে ৷ অসম গৃহৰক্ষী বাহিনীৰ জোৱান আছিল ৰবীন বসুমতাৰী ৷
আনহাতে আঘাতপ্ৰাপ্ত হয় আন দুজন জোৱান। আঘাতপ্ৰাপ্ত জোৱান দুজন ক্ৰমে হিতেশ মেধী আৰু কৃষ্ণ বড়ো। নিহত ৰবীন বড়ো ভূঞাপাৰাৰ মাখিবাহা শিৱিৰত কৰ্মৰত আছিল ৷ কালি বিয়লি নৈমিত্তিক পেট্ৰলিঙৰ সময়তে মাখিবাহা নৈৰ সমীপত সংঘটিত হয় এই ঘটনা ৷ সহকৰ্মী বনৰক্ষীয়ে গুলী ফুটাই খেদিবলৈ সক্ষম হয় আক্ৰমণ কৰা মহটোক ৷ ইতিমধ্যে নিহত জোৱানজন আৰু আঘাতপ্ৰাপ্ত জোৱান দুজনক শালবাৰী আদৰ্শ চিকিৎসালয়লৈ লৈ অনা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
