শিৱসাগৰ, ০৪ নৱেম্বৰ (হি.স.)। জনস্ব্যাস্থ্য কাৰিকৰী বিভাগ নাজিৰা সংমণ্ডল অধীনৰ মাহমৰা সমষ্টিৰ চুমনী গাওঁ কলিয়া পানী পানী যোগান আঁচনিৰ আজি শুভাৰম্ভ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। ১ কোটি ৫১ লাখ টকাৰে নৱ-নিৰ্মিত এই পানী যোগান আঁচনিৰ জড়িয়তে চুমনী গাওঁ অঞ্চলৰ ২৫২ঘৰ লোকে আজিৰে পৰা লাভ কৰিব এটুপি বিশুদ্ধ খোৱা পানী।
অহা ডিচেম্বৰ মাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ হৈ থকা বহুকেইটা পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ কৰিবলৈ সংবাদ মাধ্যমৰ আগত নিৰ্দেশ মন্ত্ৰী গৰাকীৰ। লগতে পঞ্চায়ত পৰ্যায়ত যাতে কোনো ধৰণৰ দুৰ্নীতি নহয় তাৰ বাবে সংবাদ মাধ্যমক আঙুলিয়াই দিবলৈ কোৱাৰ লগতে ৰাইজৰ অভাৱ অভিযোগ সমূহৰ বিষয়ে আলোচনা কৰি সমাজৰ উন্নয়নৰ বাবে তেওঁ সদায় প্ৰস্তূত বুলি জানিব দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/আলোক.
