
গোৱালপাৰা, ১৯ জানুৱাৰী(হি.স.)। গোৱালপাৰাৰ উলূপাৰাত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা এগৰাকী বনকৰ্মীৰ মৃত্য়ু হৈছে। বনকৰ্মী গৰাকীৰ নাম ৰথিন নাথ বুলি জানিব পৰা গৈছে।
বন্যহস্তীৰ পহৰাত থকা বনকৰ্মী গৰাকীক বন্যহস্তীৰ জাকৰ পৰা এটা হাতীয়ে ফালৰি কাটি আহি আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় বনকৰ্মী গৰাকীয়ে। আহত বনকৰ্মী গৰাকীক তৎক্ষণাৎ গোৱালপাৰা চহৰৰ চলেছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত স্বাস্থ্যৰ অবনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
