
যোৰহাট, ০১ জানুৱাৰী(হি.স.)। আজি পহিলা জানুৱাৰী। ইংৰাজী নৱবৰ্ষৰ আৰম্ভণি। পুৱাৰে পৰা সকলো ব্যস্ত নতুন বছৰটোক আদৰাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলী সমূহত নিজৰ পৰিয়াল ইষ্ট কুটুম্বৰ সৈতে আনন্দৰে এসাজ খোৱাত ব্যস্ত ৰাইজ। অৱশ্যে বনভোজৰ সমান্তৰালকৈ আজি পহিলা জানুৱাৰীৰ পুৱা ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ তথা পৱিত্ৰ স্থানতো ৰাজ্য বাসীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে।
টীয়কৰ ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰ নামঘৰৰ পৰিবেশ ভক্তৰ উপস্থতিত উথপথপ হৈ পৰে। পুৱাৰে পৰা উজনি অসমৰ বিভিন্ন স্থানৰ পৰা জাতি ধৰ্ম নিৰ্বিশেষে ভকত বৈষ্ণৱ উক্ত তীৰ্থ স্থানলৈ অহা পৰিলক্ষিত হৈছে। হাতে হাতে ধূপ চাকি শৰাই নৈবদ্য লৈ গুৰুজনাৰ চৰণত আগন্তুক বছৰটো যাতে কৌশল মংগল পাৰ হয় তাৰ কামনাৰে সেৱা লৈছে। ইপিনে বৰনামঘৰ পৰিচালনা সমিতিয়ে আজিৰ এই বিশেষ দিনটোত সমূহ অসমবাসীৰ হৈ অক্ষয় বন্তিত তেল,এখনি শৰাই আগবঢ়াই সকলোৰে কুশল কামনা কৰিছে লগতে নৱবৰ্ষত যাতে অসমৰ পৰিবেশ সুস্থ সুন্দৰ হৈ উঠে তাৰ কামনা কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
