তিনিচুকীয়া, ১৩ জানুৱাৰী (হি.স.): ভাৰত ম্যানমাৰ সীমান্ত অৰুণাচল প্ৰদেশৰ লাজুত সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিবলৈ লোৱা সময়ত আছাম ৰাইফলৰ জালত পৰিছে দুগৰাকী আলফাৰ স্বাধীন গোটৰ কেডাৰ। আটকাধীন দুই আলফা কেডাৰ ক্ৰমে স্বয়ম্ভূ ছেকেণ্ড লেফটেনেন্ট মনোজ বুঢ়াগোহাঁই ওৰফে প্ৰমোদ অসম আৰু মাছুদ কৰিম সৰকাৰ ওৰফে ফটিক অসম।
মনোজ বুঢ়াগোহাঁইৰ ঘৰ তিনিচুকীয়া জিলাৰ ডিগবৈত। আনজন মাছুদ কৰিম সৰকাৰৰ ঘৰ দক্ষিণ শালমাৰা জিলাৰ মানকাছাৰৰ শান্তিপুৰ গাঁৱত। আলফা কেডাৰ দুজনে ম্যানমাৰত অৱস্থিত হাচি কেম্পৰ পৰা পলাই আহিছিল বুলি জানিব পৰা গৈছে। সম্প্ৰতি অৰুণাচল প্ৰদেশৰ খুনচা আৰক্ষীক ধৃত আলফাদ্বয়ক গতাই দিয়া হৈছে বুলি খবৰ পোৱা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
