গুৱাহাটী, ২২ জুলাই (হি.স.)। দেশৰ অন্যতম আগশাৰীৰ প্ৰযুক্তিগত শিক্ষাৰ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত ছাত্ৰ ছাত্ৰীসকল প্ৰতিবাদ মুখৰ হৈ পৰে। আই আই টি গুৱাহাটীত বি টেক, এম টেক আৰু পি এইছ ডি পাঠ্যক্ৰমৰ নামভৰ্তি মাচুল বৃদ্ধি কৰাৰ ফলত ক্ষুব্ধ হৈ পৰিছে শিক্ষাৰ্থীসকল। ফলত মাচুলৰ গাঁথনি পূৰ্বৰ হাৰ অনুসৰি সংশোধন কৰাৰ দাবী তুলি শিক্ষাৰ্থীসকলে আজি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিছে।
প্ৰতিবাদকাৰীৰ ভাষ্য অনুসৰি আই আই টি গুৱাহাটীত বি টেক, এম টেক, আৰু পি এইচ ডিৰ নামভৰ্তি মাচুল হঠাতে আৰু ভয়ংকৰভাৱে বৃদ্ধি কৰা হৈছে, যাৰ ফলত সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত যথেষ্ট দুখ আৰু চিন্তাৰ সৃষ্টি হৈছে। হোষ্টেল আৰু অন্যান্য সেৱাৰ নামত যিবোৰ সা-সুবিধা দিব লাগে সেইবোৰ প্ৰকৃততে আশা কৰা ধৰণে উপলব্ধ নহয়। পি এইচ ডি হোষ্টেলত বাস কৰা ছাত্ৰ-ছাত্ৰীৰ পৰা হোষ্টেলৰ ভাড়া লোৱা হৈছে, তথাপিও তেওঁলোকক হাউচ ৰেণ্ট এলাৱেন্স (এইচ আৰ এ) দিয়া হোৱা নাই। এনে পৰিস্থিতিত যিকোনো ধৰণৰ মাচুল বৃদ্ধি অযুক্তিকৰ বুলি তেওঁলোকে কয়।
ইফালে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ দাবীসমূহৰ সমৰ্থনত দিনটো আই আই টি গুৱাহাটীৰ প্ৰশাসনিক ভৱনৰ সন্মুখত এক ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু এতিয়ালৈকে এই গুৰুতৰ বিষয়টোক লৈ প্ৰশাসনৰ পৰা কোনো সঁহাৰি পোৱা নাই, কোনো সংকল্পৰ দিশত কোনো সুনিৰ্দিষ্ট পদক্ষেপ লোৱা হোৱা নাই। প্ৰতিবাদকাৰীসকলে কয় যে ছাত্ৰ-ছাত্ৰীৰ ক্ষোভ সম্পূৰ্ণৰূপে ন্যায্য আৰু প্ৰশাসনে সংবেদনশীলভাৱে কাম কৰিব লাগিব আৰু বিষয়টোৰ সমাধানৰ বাবে তৎকালীন, নিৰ্ণায়ক পদক্ষেপ ল’ব লাগিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
