নলবাৰী, ১২ জানুৱাৰী (হি স)। ভয়ঙ্কৰ প্ৰদূষণৰ কবলত পৰিছে নলবাৰী জিল। মফচলীয় চহৰ নলবাৰী এতিয়া ভাৰতবৰ্ষৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে প্ৰদূষিত চহৰ হিচাপে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতবৰ্ষৰ ভিতৰতে শ্ৰেষ্ঠ প্ৰদূষিত চহৰ নলবাৰী।
প্ৰকাশিত তথ্য অনুসৰি নলবাৰীৰ বায়ুমণ্ডলৰ সুচাংক সংখ্যা হৈছে ৩৮৪ । ধোৱাই নলবাৰীৰ পৰিবেশ প্ৰভাৱিত কৰিছে। অনৰ্গল ওলাই আছে ধোৱা। নলবাৰী চহৰৰ সমীপতে থকা ডাম্পিং গ্ৰাউণ্ডত ২৪ ঘন্টাই ওলাই থাকে ধোৱা। একেদৰে মিক্সি প্লান্টৰ দৃশ্যও অনুৰূপ। ইয়াতো ২৪ ঘন্টাই ওলাই থাকে ধোৱা। ফলত ভয়ঙ্কৰ হৈ পৰিছে নলবাৰী চহৰৰ পৰিৱেশ। এইক্ষেত্ৰত উদ্বিগ্ন হৈছে নলবাৰীৰ সচেতন জনতা।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
