–ঐতিহাসিক গড়গাঁও ৰাজকাৰেঙঘৰত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি
শিৱসাগৰ, ০৩ ডিছেম্বৰ (হি.স.): বৰ অসমৰ স্বপ্নদ্ৰষ্টা তথা বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওল্যুং চ্যুকাফা অসম আগমনৰ চিৰস্মৰণীয় দিনটো সমগ্ৰ অসমতে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় । এই উপলক্ষ্যত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নাজিৰা মহকুমা সমিতিৰ উদ্যোগত নাজিৰাস্থ মুখ্য কাৰ্যালয় প্ৰাংগণত যোৱাকালি শনিবাৰে সন্ধিয়া বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনায়। এই অনুষ্ঠান শুভাৰম্ভ কৰে নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসে ।
অনুষ্ঠানত বীৰ লাচিত সেনা, অসমৰ শিৱসাগৰ জিলা সমিতিৰ মুখ্য সচিব অনুপম সন্দিকৈ, সংবাদসেৱী ক্ৰমে দিলীপ হাজৰিকা, নৱ জ্যোতি বুঢ়াগোহাঁই, যদুমণি হাজৰিকা, অংশুমান দত্ত, আটাছুৰ মহকুমা সমিতিৰ সভাপতি শ্যামল বৰুৱা, কাৰ্যকৰী সভাপতি নৱজ্যোতি কোঁৱৰ, যুটীয়া সম্পাদকদ্বয় প্ৰাঞ্জল গগৈ, ললিত চেতিয়াকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি স্বৰ্গদেউ চাওল্যুং চ্যুকাফালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কালি সন্ধিয়া ঐতিহাসিক গড়গাঁও ৰাজকাৰেঙঘৰত বীৰ লাচিত সেনা, অসমৰ শিৱসাগৰ আৰু নাজিৰা মহকুমা সমিতি, টাই আহোম যুৱ পৰিষদ, অসমৰ নাজিৰা মহকুমা সমিতিৰ উদ্যোগত সহস্ৰাধিক বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
