দীৰ্ঘদিনীয়া ক্ৰাইম টিভি শ্ব’ ‘চিআইডি’ত ‘ফ্ৰেডেৰিক’ৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা দীনেশ ফাড়নিছ হৃদৰোগত আক্ৰান্ত হয়। ইয়াৰ পিছত তেওঁক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দীনেশৰ অৱস্থা এতিয়াও সংকটজনক। ফাড়নিছৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা চলি আছে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি দীনেশ ফাড়নীছ বৰ্তমান মুম্বাইৰ টুংগা হাস্পতালত চিকিৎসাধীন হৈ আছে। দীনেশ ফাড়নিছ ভেণ্টিলেটৰত আছিল। শুকুৰবাৰে নিশা দীনেশৰ অৱস্থা সংকটজনক হৈ পৰা বুলি জানিব পৰা গৈছে। অৱশ্যে শনিবাৰে তেওঁৰ অৱস্থাৰ কিছু উন্নতি ঘটিছিল। দীনেশ ফাড়নীছৰ বয়স প্ৰায় পঞ্চাশ বছৰ। ‘চি আই ডি’ৰ কাষ্ট আৰু ক্ৰুৱে চিকিৎসালয়ত উপস্থিত হৈ তেওঁৰ সুস্থতাৰ বিষয়ে সোধা-পোছা কৰে।
এজন পাপাৰাজীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত দীনেশ ফাড়নিছৰ স্বাস্থ্য সম্পৰ্কীয় এটা পোষ্ট শ্বেয়াৰ কৰে। ইয়াৰ পিছত বহু লোকে অভিনেতা গৰাকীৰ আশু আৰোগ্য কামনা কৰিছিল। ইনষ্টাগ্ৰামৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, আশা কৰোঁ দীনেশ সোনকালে সুস্থ হ’ব।আন এজন অনুৰাগীয়ে কয়, তেওঁ সোনকালে ভাল হ’ব।আন এজন অনুৰাগীয়ে কয়, ফ্ৰেডেৰিক আমাৰ সকলো প্ৰাৰ্থনাত আছে।
উল্লেখযোগ্য যে টিভি ধাৰাবাহিক ‘চিআইডি’ৰ ‘ফ্ৰেডেৰিক’ চৰিত্ৰৰে দীনেশ ফাড়নিছে অতি বিখ্যাত হৈ পৰিছে। ২০ বছৰ ধৰি তেওঁ এই অনুষ্ঠানৰ অংশ হৈ আছে। ১৯৯৮ চনত টেলিকাষ্ট হৈছিল ‘চি আই ডি’ অনুষ্ঠানটো। ‘চি আই ডি’ ভাৰতৰ অন্যতম দীৰ্ঘদিনীয়া টেলিভিছন শ্ব’ আছিল। এই জনপ্ৰিয় ধাৰাবাহিকখন ২০ বছৰ ধৰি চনী টিভিত প্ৰচাৰ হৈ আহিছে। চি আই ডিৰ উপৰিও দীনেশ ফাড়নীছক হিট টিভি শ্ব’ ‘তাৰক মেহতা কা উলটা চছমা’ত সৰু চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। কিছুমান ছবিত সৰু সৰু চৰিত্ৰও কৰিছে। দীনেশে ‘সৰফৰোশ’ আৰু ‘ছুপাৰ ৩০’ৰ দৰে হিন্দী ছবিতো অভিনয় কৰিছিল।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ
