নগাঁও, ২৬ জুলাই (হি স)। অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান চলি আছে বেদখল ভূমিৰ উচ্ছেদ । টালি টোপোলা বান্ধি ন ন অঞ্চলত প্ৰৱেশ কৰিছে উচ্ছেদিত লোক সকলে । ইখনৰ পাছত সিখন মালবাহী বাহনেৰে কঢ়িয়াইছে বাসগৃহৰ প্ৰয়োজনীয় সামগ্ৰী । উৰিয়ামঘাটৰ উচ্ছেদিত বহু লোক নগাঁৱৰ কামপুৰৰ ভিন্ন অঞ্চলত অনুপ্ৰৱেশ কৰিছে ।
ইফালে সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰিছে ইখনৰ পাছত সিখন উচ্ছেদিতৰ সামগ্ৰী কঢ়িয়াই অনা বাহন । এতিয়া প্ৰশ্ন হয়, যদিহে উচ্ছেদিত লোক সকল অসমৰ ভোট দাতা হয় অসমৰ প্ৰকৃত স্থায়ী বাসিন্দা হয় তেন্তে এনেদৰে পলায়ন কৰাৰ উদ্দেশ্য কি ? আছেনে এওঁলোকৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ ? এওঁলোক হয়নে অসমৰ খিলঞ্জীয়া মিয়া মুছলমান ? বৰ্তমান সন্দেহৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ বিষয় ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
