ধুবুৰী, ০৬ জুলাই (হি.স.): ধুবুৰীৰ জিলাৰ নৱগঠিত গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত আমৰী পোনে নয় আনি গাওঁ পঞ্চায়তৰ আমবাৰী গাঁৱৰ পথত এখন বাঁহৰ সাকোৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে হেজাৰ হেজাৰ পথচাৰি। পৰ্বতঝোৰাৰ বগৰিবাৰী ১৭নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী একমাত্ৰ পথটোৰ এই বাঁহৰ সাকোখনৰ বাবেই দীৰ্ঘ দিনৰ পৰা যমৰ যাতনাত ভুগিব লগা হৈছে প্ৰায় বিশ খন গাওঁৰ ৰাইজে। লগতে কৃষক সকলে বয় বস্তু বজাৰত লৈ যোৱাত বহুতো অসুবিধাৰ সৃষ্টি হৈছে একমাত্ৰ ৰাস্তা খনৰ মাজত বাঁহৰ সাকো খনৰ বাবে।
উল্লেখ্য় যে জনপ্ৰতিনিধিৰ উদাসীনতা আৰু বিভাগীয় কৰ্তৃপক্ষ দায়িত্ব হীনতাৰ বাবে বছৰ বছৰধৰি মেৰামতি নোহোৱাৰ ফলত পথছোৱা জহি খহি যোৱাত যাতায়তৰ সূচলৰ অৰ্থে এই বাহৰ সাকো খন স্থানীয় ৰাইজে নিজাববীয়াকৈ নিজা গঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰিছিল । এই পথৰ দুৰাৱস্থাৰ বাবেই স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰায় বিশ খনৰ কৈ অধিক গাঁৱৰ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত জিয়াতু ভুগিব লগা হৈছে । সেয়ে উপায় বিহীন হৈ স্থানীয় ৰাইজে সোনকালে পথ ছোৱা মেৰামতি কৰাৰ বাবে কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
