তামুলপুৰ, ২০ ছেপ্টেম্বৰ (হি.স.)। তামুলপুৰ জিলাৰ ভাৰত ভুটান সীমান্তৰ বগাজুলিৰ বাথৌগুৰিত বনৰীয়া হাতীৰ আক্ৰমনত এজন লোক নিহত হৈছে।নিহত লোকজনৰ নাম বিষ্ণু দৈমাৰী (৬০) বুলি পৰিচয় পোৱা গৈছে।
যোৱাকালি শুকুৰবাৰে নিশা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি হাতীয়ে গাঁওখনত সোমাই ঘুৰ দুৱাৰ ভঙাৰ সময়তে বিষ্ণু দৈমাৰী (৬০) নামৰ লোক জনক আক্ৰমণ কৰাত থিতাতে নিহত হয় লোক জন ৷ খবৰ লাভ কৰি বনবিভাগৰ দল আৰু আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
