
যোৰহাট, ১০ ডিচেম্বৰ (হি.স.)। যোৰহাট জিলাৰ টীয়কৰ বলমা মৰাণ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা l একেটা পৰিয়ালৰ ঘৰৰ ভিতৰত মাতৃ তথা কন্যাৰ তেজৰে লুটুৰি পুতিৰি অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইফালে গুৰুতৰ অৱস্থাত পিতৃক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় l
জানিব পৰামতে, মৃত মাতৃ গৰাকীৰ নাম চুনচুনী কোঁৱৰ আৰু কন্যা গৰাকীৰ নাম সোণাক্ষী কোঁৱৰ l ইফালে আহত লোকজনৰ নাম কল্যাণ কোৱঁৰ l ইতিমধ্য়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে l এই ঘটনা পৰিয়ালকেন্দ্ৰিক ঘটনা নে হত্যাকাণ্ড জানিব পৰা হোৱা নাই l এই ঘটনাই গাঁওখনত এক ত্ৰাসৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
