গুৱাহাটী, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) ১৩ৰ পৰা ১৯ এপ্ৰিল লৈ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ৰে’ল আৰু ৰে’লৱে ষ্টেচনত চলোৱাঅনুসন্ধান আৰু তালাচীৰ সময়ত ১৬ জন নাবালক-নাবালিকাক সফলতাৰে উদ্ধাৰ কৰে।
২০২৩-২৪ বৰ্ষৰ সময়ছোৱাত চৰকাৰী ৰে’লৱে আৰক্ষী (জিআৰপি) আৰু চাইল্ডলাইন/এনজিঅ’ৰসহযোগতউত্তৰ পূব সীমান্ত ৰেলৱেৰৰেলৱে সুৰক্ষা বাহিনীয়ে ৬৫৪ গৰাকী নাবালক-নাবালিকা (৪০৯ জন নাবালক আৰু ২৪৫ গৰাকী নাবালিকা) আৰু ৬৯ গৰাকী মহিলাক উদ্ধাৰ কৰে। উদ্ধাৰ কৰা নাবালক/ মহিলাসকলক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট চাইল্ড লাইন/এনজিঅ’ আৰু জিআৰপিৰহাতত গতাইদিয়া হয়। লগতে,এই একেই সময়তে মুঠ ১২ জন মানৱ সৰবৰাহকাৰীক কৰায়ত্ত কৰা হয় আৰু ৩২জন লোকক (২৫ জন নাবালক, ৪গৰাকী নাবালিকা,২ জন পুৰুষ আৰু ০১ গৰাকী মহিলা) তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰা হয়।
১৮ এপ্ৰিলত সংঘটিত এক ঘটনাত কাটিহাৰৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দলে কাটিহাৰ ৰেল ষ্টেচনত তিনিজন অসহায়অৱস্থাত থকা নাবালক লৰাক উদ্ধাৰ কৰে। পিছত,উদ্ধাৰ কৰা নাবালকসকলক সঠিক প্ৰমাণীকৰণৰ পিছত তেওঁলোকৰ নিজ নিজ পিতৃ-মাতৃৰহাতত গতাইদিয়া হয়। ১৬ এপ্ৰিল,২০২৪ তাৰিখে,চাপৰমুখৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দলে চাপৰমুখ ষ্টেচনত ৰেল নং. ১৫৬২৫ (দেওঘৰ- আগৰতলা এক্সপ্ৰেছ) ৰেলখনত তালাচী চলোৱাৰ সময়ত এগৰাকী পলাতক নাবালিকা ছোৱালীক উদ্ধাৰ কৰে। পিছত উদ্ধাৰ হোৱা নাবালিকা গৰাকীকসুৰক্ষিত জিম্মাৰ বাবে শিশু কল্যাণ সমিতি, নগাঁও (অসম)ৰ হাতত অৰ্পণ কৰা হয়। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেয়ে আজি এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰে।
