Assam, 28 ছেপ্টেম্বৰ (হি.স.)।
টিংখাঙত প্ৰয়াত জুবিন গাৰ্গৰ স্মৃতিত বৃক্ষ ৰোপন কাৰ্যসূচী ।
: টিংখাঙত সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত উল্লেখনীয় পদক্ষেপ। অসমীয়াৰ হিয়াৰ আমঠু , হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে ৫২ বছৰ বয়সত জীৱন নাটৰ সামৰণি মাৰিলে। জনপ্ৰিয় শিল্পী গৰাকীৰ পবিত্ৰ আত্মাৰ সদগতি কামনা তথা সজীৱ কৰি ৰখাৰ উদ্দেশ্যেৰে টিংখাঙৰ ধমনত গছ পুলি ৰোপন আৰু সংৰক্ষণ কাৰ্যসূচী ৰূপায়ন কৰে। ডিব্ৰুগড় মৰ্ণিং ক্লাৱৰ উদ্যোগত তথা ধমনবাসী ৰাইজৰ সহযোগত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ দহদিনীয়া কাজৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী ৰূপায়ন কৰে। জুবিন গাৰ্গে যিহেতু প্ৰকৃতিৰ সৈতে একাত্ম হৈ থাকি ভাল পাইছিল সেই উদ্দেশ্যে জুবিন গাৰ্গৰ সোঁৱৰণত ধমন অঞ্চলৰ প্ৰতিঘৰ লোকৰ পদূলিত এজোপাকৈ গছপুলি ৰোপন কৰা হয়। আৰু ৰোপন কৰা গছপুলি সমূহৰ প্ৰতিপালনৰ দায়িত্ব প্ৰতিঘৰ গৃহস্থৰ ওপৰত অৰ্পণ কৰা হয়।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ দহটা দিন উকলি যোৱাৰ পাচতো অভিযুক্ত সকলক চৰকাৰে কৰায়ত্ত কৰিব নোৱাৰাত আক্ষেপ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী সকলক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ বাবে ধমনবাসী ৰাইজে দাবী জনায়।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
