
গোৱালপাৰা, ০৮ জানুৱাৰী (হি স)। ৰাজ্যত তীব্ৰ ৰূপ লৈছে হাতী মানুহৰ সংঘাত। গোৱালপাৰা জিলাত বিগত ২০২৩ বৰ্ষত ১৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫টা হাতীৰ মৃত্যু হৈছে। জিলাখনৰ বিভিন্ন ঠাইত ঘৰ বাঢ়ি ভাঙিচে খেতি খাই তহিলং কৰিছে বন্য়হস্তীয়ে।
ইফালে হাতীৰ উপদ্ৰপ ৰোধ কৰাৰ লক্ষ্য়ৰে গোৱালপাৰাৰ বলবলাত খাদ্য যোগান ধৰিছে বন্যহস্তীক ৰাইজে। কাৰণ খাদ্যৰ অভাৱত নিশা চলাই উপদ্ৰৱ হাতীৰ জাকে। বলবলাৰ ফফংগাত শনি বাৰে নিশা হাতীৰ আক্ৰমণত মৃত্যু হৈছিল এজন লোকৰ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
