নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। স্পেইনৰ কিংবদন্তি টেনিছ খেলুৱৈ ৰাফেল নাডালে অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা আঁতৰি আহিছে। দেওবাৰে ব্রিজবেন ইণ্টাৰনেশ্যনেলত অনুষ্ঠিত হোৱা অন্তিমখন খেলৰ সময়ত পেশীৰ সমস্যাৰ বাবেই আগন্তুক অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে ৷
ছ’চিয়েল মিডিয়াত নাডালে লিখিছে, ‘এবাৰ মেলবৰ্ণত উপস্থিত হোৱাৰ পিছত মোৰ এম আৰ আই কৰাৰ সুযোগ পাইছিলোঁ আৰু মোৰ পেশীত সৰু ঘাঁ হৈছে, মোৰ আঘাত হোৱা একেটা অংশতে নহয় আৰু সেয়া ভাল খবৰ।
‘এতিয়াই মই পাঁচ ছেটৰ মেচত সৰ্বোচ্চ পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হোৱা নাই। গতিকে, মই মোৰ চিকিৎসকৰ ওচৰলৈ যাবলৈ, কিছু চিকিৎসা ল’বলৈ আৰু জিৰণি ল’বলৈ স্পেইনলৈ উভতি যাম।’
নাডালে লগতে কয় যে তেওঁ বছৰটোৰ ভিতৰত বহু কষ্ট কৰি উভতি আহিছিল, আৰু তেওঁৰ লক্ষ্য আছিল “তিনি মাহৰ ভিতৰত মোৰ শ্ৰেষ্ঠ স্তৰত” উপনীত হোৱা।
তেওঁ লগতে কয় যে মেলবৰ্ণৰ আশ্বৰ্যকৰ দৰ্শকৰ সন্মুখত খেলিব নোৱাৰাৰ মোৰ বাবে দুখজনক খবৰৰ পিছতো আমি সকলোৱে ছিজনৰ বাবে ইতিবাচক হৈ আছো।’
শুকুৰবাৰে ব্রিজবেন ইণ্টাৰনেশ্যনেলৰ কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ জৰ্ডান থম্পছনৰ হাতত ৫-৭, ৭-৬ (৬), ৬-৩ ব্যৱধানত পৰাস্ত হয় বিশ্বৰ প্ৰাক্তন ১ নং আৰু ২২ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়নগৰাকীয়ে। চূড়ান্ত ছেটত নাডালে মেডিকেল টাইমআউট লয়, যাৰ ফলত তেওঁৰ অৱস্থাৰ বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হয়।
মেচৰ অন্তত ৩৭ বছৰীয়া নাডালে কয় যে, ‘মই ভাবো পেশীবোৰ ভাগৰি পৰিছে। সমস্যাটো হ’ল, ঠাইখন একেই, আপুনি সাধাৰণতকৈ অলপ বেছি ভয় খাইছে।
উল্লেখ্য যে ২০২৪ চনৰ অষ্ট্ৰেলিয়ান অ’পেন ১৪ৰ পৰা ২৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব।
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ
