বিশ্বনাথ, ০৩ নৱেম্বৰ (হি.স.): অসমৰ কাৰ্বি সমাজৰ লোক সংস্কৃতিৰ সংগীত শিল্পী ডানিয়েল ইংতিৰ বিয়োগত শোক প্ৰকাশ কৰিছে বিশ্বনাথ জিলা আৰ্টিষ্ট ফৰামৰ বিষয়ববীয়া সকলে ৷ তদুপলক্ষে মহজুলি পথাৰত বৃহস্পতিবাৰে সন্ধিয়া আয়োজিত এক শোকসভাত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে বিদেহী আত্মাৰ সদ্গতি কামনা কৰি একমিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে ৷
বিশ্বনাথ জিলা আৰ্টিষ্ট ফৰামৰ সম্পাদক ৰাজু ৰংহাঙে লোক সংগীত শিল্পী ডানিয়েল ইংতিৰ বিয়োগে বিশেষকৈ কাৰ্বি সমাজৰ বাবে এক অপুৰণীয় ক্ষতি হোৱা উল্লেখ কৰে ৷ কাৰ্বি সমাজৰ লোক সংস্কৃতিৰ সাধক, সংগীত শিল্পী, কাৰ্বি বোলছবি জগতৰ প্ৰযোজক, পৰিচালক, সংগীত পৰিচালক, কণ্ঠশিল্পী, সুঅভিনেতাৰ উপৰিও এগৰাকী সমাজসেৱক ৷ কাৰ্বি লোক সংগীতক বাদ্যযন্ত্ৰৰে সংগত কৰা প্ৰথম সংগীত শিল্পী ডানিয়েল ইংতিয়ে কাৰ্বি লোক সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছিল ৷ তদুপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সামাজিক তথা সাংস্কৃতিক অনুষ্ঠানত জড়িত থকা ইংতিয়ে কাৰ্বি আংলং স্থিত নিজা বাসগৃহত কালি হঠাৎ হোৱা উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিব লগা হয় ৷ ৪১ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা সংগীত শিল্পী গৰাকীৰ বিয়োগত অসমৰ কাৰ্বি সমাজৰ মাজত গভীৰ শোঁকৰ ছাঁ পৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
