• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > এংলো ইণ্ডিয়ান বৃদ্ধ দম্পতীক হত্যাঃ এজনক যাৱজ্জীৱন কাৰাদণ্ড
Regional

এংলো ইণ্ডিয়ান বৃদ্ধ দম্পতীক হত্যাঃ এজনক যাৱজ্জীৱন কাৰাদণ্ড

CliQ INDIA
Last updated: July 30, 2025 11:31 am
CliQ INDIA
Share
7 Min Read
SHARE
এংল ইণ্ডিয়ান বৃদ্ধ দম্পতীক হত্যাঃ এজনক যাৱজ্জীৱন কাৰাদণ্ড

শোণিতপুৰ, ২৯ জুলাই (হি.স.)। তেজপুৰৰ পটীয়াচুবুৰীত ২০২০ৰ ২০ নৱেম্বৰত এংল ইণ্ডিয়ান বৃদ্ধ দম্পতীক অতি নৃশংসভাৱে হত্যা কৰা এক হত্যাকাৰী গীতু বেজবৰুৱা (২৪)ক আজি তেজপুৰত যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হয় ৷ প্ৰণিধানযোগ্য যে, ২০২০ৰ ২১ নৱেম্বৰত পোহৰলৈ অহা এই লোমহৰ্ষক হত্যাকাণ্ডটোৰ অভিযুক্ত গীতুমণি বেজবৰুৱাক আজি তেজপুৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ (ফাৰ্ষ্ট ট্ৰেক)আদালতে যাৱজ্জীৱন কাৰদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে আনজন অভিযুক্ত গীতুমণিৰ ককায়েক উজ্জ্বল বেজবৰুৱাক দোষমুক্ত ঘোষণা কৰে ৷

এএম মহম্মদ মহিউদ্দীনৰ আদালতে আজি ৮৪ বছৰীয়া ব্ৰাইন অৰিজ আৰু তেওঁৰ পত্নী ৬৫বছৰীয়া আশা অৰিজক নৃশংস ভাবে হত্যা কৰি লুটপাত চলোৱা এই লোমহৰ্ষক ঘটনাটোৰ ৰায়দান প্ৰদান কৰে ৷ এই ঘটনা সন্দৰ্ভত ৰুজু হোৱা তেজপুৰ সদৰ থানাৰ ২২১৭/২০নম্বৰ গোচৰ তথা ভাৰতীয় দণ্ডবিধিৰ ৪৪৯/৪৬০/৩৯২/৩০২/২০১/৩৪ নম্বৰ ধাৰাত চলা গোচৰ অনুসৰি গীতুমণি বেজবৰুৱাক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ বিপৰীতে উজ্জ্বল বেজবৰুৱাক দোষমুক্ত ঘোষণা কৰে । পাছত আদালত চৌহদত সাংবাদিকৰ আগত হত্যাকাৰী গীতুৱে কয়“এনে ভুল কেতিয়াবা হৈ যায় ৷ দুয়োকে ময়েই হত্যা কৰিছোঁ৷ মোৰ লগত আন কোনো নাছিল৷ ময়েই অকলে হত্যা কৰিছিলোঁ৷”

আজি এই ৰায়দান সন্দৰ্ভত চৰকাৰী অধিবক্তা নলিনী মিশ্ৰই কয় যে বৃদ্ধ অৰিজ দম্পতীৰ ঘৰত চুৰি কৰাৰ উদ্দেশ্যে প্ৰৱেশ কৰা দুই ভ্ৰাতৃয়ে প্ৰথমে ৮৪বছৰীয়া ব্ৰাইনক মুখত সোপা দি ঘুচিয়াই তথা চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰাৰ সময়ত ব্ৰাইনৰ পত্নীয়ে বাধা দিয়াত তেওঁকো আক্ৰমণ কৰে আৰু অচেতন অৱস্থাত মহিলাগৰাকীক ডিঙি ৰেপি হত্যা কৰে ৷ ইয়াৰ পিছত আ অলংকাৰ সহ আন সা সামগ্ৰী লুটি পলায়ন কৰে ৷ কিন্তু কাৰিকৰী কাৰণত আজি আনজন অভিযুক্ত উজ্জ্বলে শাস্তিৰ পৰা ৰেহাই পায় ৷ তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত পটীয়াচুবুৰী নামঘৰৰ সমীপত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্মাণকাৰী সংস্হা গ্ৰেফৰ কাৰীকৰি বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰি অৰিজ দম্পতীয়ে স্থায়ী ভাবে থকিবলৈ লৈছিল।

ইফালে পত্নী আশাই পটীয়াচুবুৰীত এখন বিউটি পাৰ্লাৰ চলাই আছিল৷ অঞ্চলটোত সু পৰিচিত শান্ত স্বভাৱৰ বৃদ্ধ দম্পতিক পাঁচ বছৰ পূৰ্বে নৃশংসভাবে হত্যা কৰাৰ পাছত তদন্তকাৰী আৰক্ষীয়ে প্ৰায় ২৫জনক সোধপোছ কৰাৰ লগতে লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হোৱা বাসগৃহটোৰ তিনিটা পৃথক স্থানৰ পৰা ফিংগাৰপ্ৰিন্ট সংগ্ৰহ কৰিছিল । অৱশেষত তেজপুৰত বৃদ্ধা দম্পতীক নৃশংস ভাবে হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰী শোণিতপুৰ আৰক্ষীয়ে অৰিজ দম্পতীৰ বাসগৃহৰ কাষতে ভাড়াতীয়া হিচাপে থকা নলবাৰীৰ উজ্জ্বল আৰু গীতুমণি বেজবৰুৱাক হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগত এটা সোণৰ আঙুঠি বেবেজীয়াত বিক্ৰী কৰিবলৈ লোৱাৰ সময়ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷

আৰক্ষীৰ জেৰাত হত্যাকাণ্ডটো সংঘটিত কৰাৰ কথা প্ৰকাশ কৰে অভিযুক্তই৷ উল্লেখযোগ্য যে, অৰিজ দম্পতীৰ বাসগৃহৰ কাষত ভাড়াতীয়া হিচাপে থাকিবলৈ লোৱাৰ পূৰ্বে বেজবৰুৱা ভ্ৰাতৃয়ে নলবাৰীত হত্যা কৰিছিল নিজ পিতৃ মনোজ বেজবৰুৱাক ৷ তেতিয়া গীতু আছিল নাবালক ৷ উজ্বলৰ তেতিয়া কাৰাবাস হ’লেও গীতুক শিশু শুধৰণি গৃহলৈ প্ৰেৰণ কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত গটঙাত মোমায়েকৰ পৰিয়াল থকা সুত্ৰেই তেজপুৰলৈ আহি পটীয়াচুবুৰীত ভাড়াতীয়া হিচাপে থাকি বিভিন্ন চুৰি, লুট আৰু অপৰাধজনিত কাৰ্য চলাই গৈছিল এই দুই অভিযুক্তই ৷ অৰিজ দম্পতীৰ স’তেও দুয়োৰে পৰিচয় হৈছিল আৰু দুয়োৰে প্ৰকৃত চৰিত্ৰ নজনা বৃদ্ধ দম্পতীয়ে দুয়োকে যথেষ্ট মৰম কৰিছিল ৷ পৰিণতিত দুই বৃদ্ধ-বৃদ্ধাৰ বিষয়ে সবিশেষ জনা দুই অভিযুক্তই ২০নৱেম্বৰৰ নিশা অৰিজ দম্পতীৰ বাসগৃহত প্ৰৱেশ কৰাৰ সময়ত মুখত কাপোৰ বান্ধি গৈছিল ৷ কিন্তু লুটপাতৰ উদ্দেশ্যে যোৱা দুই ভ্ৰাতৃৰ এজনৰ মুখৰ কাপোৰ খুলি পৰাত আশা অৰিজে নাম ধৰি মতাৰ লগে লগে দুই হত্যাকাৰীয়ে ৬৫ বছৰীয়া মহিলাগৰাকীৰ ডিঙিত চুৰিৰে হানি হত্যা কৰে৷

আনহাতে ইয়াৰ পূৰ্বে থৰক বৰক খোজৰ ব্ৰাইন অৰিজক ডিঙিত চেপি,মুখত সোপা দি,ঘুচিয়াই তথা হানিখুচি হত্যা কৰে৷ ইয়াৰ পিছতে দুয়ো দম্পতীৰ পইচা জমাকৰা এটা পাত্ৰ ভাঙি পাঁচ হেজাৰ টকাসহ কিছু নগদ ধন তথা সোণৰ ফুলি,খাৰু,চেইন,আঙঠি,হাৰ,মোবাইল আদি লৈ পলায়ন কৰে৷ হত্যাকাণ্ডটো সংঘটিত কৰি দুদিনমান পলাতক অৱস্থাত আছিল দুই অভিযুক্ত ৷ উল্লেখযোগ্য যে এই হত্যাকাণ্ডৰ পিছতেই সেই সময়ৰ শীৰ্ষ আৰক্ষী বিষয়া তথা শোণিতপুৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই তৎপৰতাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাত্তা আৰু উপ আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মাৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী গোট গঠন কৰি দিছিল।

অৰিজ দম্পতীৰ ৰাজ্যৰ বাহিৰত থকা কন্যা ডৰ’থিয়ে ফোন কৰি পিতৃ মাতৃৰ সহাৰি নোপোৱাত ২১তাৰিখে নিশা লোমহৰ্ষক হত্যাকাণ্ডটোৰ বিষয়ে পোহৰলৈ আহে আৰু ২০২০ চনৰ ২২নৱেম্বৰত দাখিলহোৱা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা ২২১৭/২০ইউ/এছ ৩০২ গোচৰৰ তদন্ত সতৰ্কতাৰে আগবঢ়াই নিয়া আৰক্ষীয়ে ক্ষীপ্ৰতাৰে হত্যাকাণ্ডটোৰ প্ৰায় ২৫ দিনৰ পিছত বেবেজীয়াৰ পৰা গীতুক গ্ৰেপ্তাৰ কৰে আৰু নিশাই পটীয়াচুবুৰীৰ পৰা উজ্জ্বলক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে এই লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত সকলো স্বীকাৰ কৰা দুই অভিযুক্তৰ ভিতৰত উজ্জ্বলে হত্যাকাণ্ড সংঘটিত কৰি ছয় হেজাৰ টকা সুৰাপান কৰি ব্যয় কৰা বুলি স্বীকাৰোক্তি দিছিল সেই সময়ত।পৰবৰ্ত্তী সময়ত আ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। অকলশৰীয়া আৰু অসহায় দম্পতী হালক হত্যা কৰা দুই অভিযুক্তই লুট কৰি নিয়া মোবাইল দুটা ডিপোটা নদীত পেলাই দিছিল ৷ তদুপৰি,আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা দুই অভিযুক্তই একেটা অঞ্চলতে পুনৰ একে আন এটা ঘটনা সংঘটিত কৰাৰো পৰিকল্পনা কৰিছিল ৷ ইয়াৰ বাবে সুযোগৰ অপেক্ষাত আছিল য’দিও আৰক্ষীৰ তৎপৰতাত অৰিজ দম্পতীৰ হত্যাকাণ্ডৰ ১৬দিনৰ ভিতৰত দুই মুখ্য অভিযুক্ত গ্ৰেপ্তাৰ হোৱাত সেই পৰিকল্পনাত য’তি পৰিছিল ৷ আনহাতে অৰিজ দম্পতীৰ দুই কন্যা ডৰথি আৰু ডফেনিয়ে দুই হত্যাকাৰীক কঠোৰ শাস্তিৰ দাৱী কৰিছিল।

উল্লেখ্য যে, গীতুমণি বেজবৰুৱা আৰু উজ্জ্বল বেজবৰুৱা নামৰ দুই অভিযুক্ত দুৰ্বৃত্তই ব্ৰাইন অৰিজ আৰু আশা অৰিজক হত্যা কৰাৰ সময়ত ব্যৱহাৰ কৰা চোকা অস্ত্ৰ পাত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ ২০২০ৰ পাঁচ ডিচেম্বৰত তেজপুৰ আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছতেই দুয়ো নিজ পিতৃক নলবাৰীৰ সাগৰকুচিত হত্যা কৰাকে ধৰি বিভিন্ন স্বীকাৰোক্তি দিছিল৷ তেজপুৰত দুয়ো মটৰচাইকেল চুৰিকে ধৰি ৰন্ধন গেছৰ চিলণ্ডাৰ চুৰি,লুণ্ঠন আদি অব্যাহত ৰখাৰ উপৰিও আৰিজ দম্পতীৰ পাছত পুনৰ একেদৰেই হত্যা আৰু লুণ্ঠনৰ পৰিকল্পনা কৰাৰ বিষয়েও স্বীকাৰ কৰিছিল। অৰিজক হানি খুচি হত্যা কৰাৰ সময়ত ব্যৱহাৰ কৰা ডেগাৰখনৰ বিষয়ে স্বীকাৰ কৰাৰ লগতে এটা নলাত লুকুৱাই থোৱা অৱস্থাত সেই অস্ত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ কেৱল সিমানেই নহয়,দুই অভিযুক্তই এজন সোণাৰিক অৰিজ দম্পতীক হত্যাকৰি লুটি নিয়া সোণৰ আঙুঠি বিক্ৰী কৰিছিল৷ আৰক্ষীয়ে সেই আঙুঠিৰ এটা টুকুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বাকী অংশ ইতিমধ্যেই গলাই পেলোৱা হৈছিল ৷ এই লোমহৰ্ষক হত্যাকাণ্ডৰ তেজপুৰ আদালতত চলা গোচৰৰ শুনানিৰ অন্তত আজি তেজপুৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে চূড়ান্ত ৰায়দান কৰে৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ

You Might Also Like

খাৰুপেটীয়াত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী সমদল, বন্ধ পালন
দলংপাৰত অনুষ্ঠিত শ্ৰীশ্ৰীলক্ষ্মী পূজা ৰূপালী জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো
গহপুৰত কংগ্ৰেছৰ সমষ্টি ভিত্তিক বুথ লেভেল এজেন্ট প্ৰশিক্ষণ শিবিৰ
মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়মূৰ্তি সৌমেন সেনৰ শপত গ্ৰহণ
মালয়বাৰীৰ স্ব– গৃহত উদ্ধাৰ কিশোৰীৰ মৃতদেহ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠী আনুষ্ঠানিক ভ্ৰমণত জাপানলৈ ৰাওনা
Next Article নগাঁৱৰ কচুৱা লটুমাৰী ৰাণীপুখুৰীত নিশা দুখনকৈ মটৰ চাইকেল চুৰি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?