শোণিতপুৰ, ২৮ জানুৱাৰী : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শ”লগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা ব্যক্তি জন ছিলভাৰ কেৰকাটা(৭০) বুলি পৰিচয় পোৱা গৈছে ।
প্ৰাপ্ত তথ্য়মতে, ৰাষ্ট্ৰীয় ঘাইপথৰে খোজকাঢ়ি আহি থকা ব্যক্তিজনক এএছ ১২ এএফ ৪২৬০ নম্বৰৰ স্কুটি খনে বিপৰীত দিশৰ খুন্দা মৰাৰ ফলত ব্যক্তিজনৰ মৃত্যু হয়। দুৰ্ঘটনাত মৃত্যু হোৱা ব্যক্তিজনৰ ঘৰ শ’লগুৰিত বুলি জানিব পৰা গৈছে।
