শিৱসাগৰ, । শিৱসাগৰত পৌৰসভাৰ চাফাই কৰ্মীক প্ৰহাৰ । পেলনীয়া জাবৰ সংগ্ৰহৰ বাবে যোৱা চাফাই কৰ্মীৰ বাহন আবদ্ধ। চাফাই কৰ্মীক প্ৰহাৰ একাংশ লোকৰ ।
শিৱসাগৰ নগৰৰ ১১ নং ৱাৰ্ডত আজি সংঘটিত এই ঘটনা । যথাস্থানত বাহন সোমাবলৈ নিদিয়াৰ উপৰি পেলনীয়া জাবৰ সংগ্ৰহৰ বাবে বলপূৰ্বক চোচোৰাই নিয়াৰ অভিযোগ চাফাই কৰ্মীৰ। পেলনীয়া জাবৰ সংগ্ৰহৰ বাবে যোৱা বাহনৰ চাবি কাঢ়ি ৰখাৰো অভিযোগ । শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।
