যোৰহাট, ০৯ নৱেম্বৰ (হি স)। পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে যোৰহাটৰ ৰুদ্ৰকন্যা থিয়েটাৰ ৷ এইবাৰ চুক্তি অনুসৰি ৰাইজৰ মাজত নাটক প্ৰদৰ্শন কৰিব নোৱাৰি বৰপথাৰৰ ছেৱাগুৰিৰ পৰা সা–সামগ্ৰী লৈ পলায়ন কৰিলে থিয়েটাৰ কৰ্তৃপক্ষ ৷
উল্লেখযোগ্য যে, ছেৱাগুৰি সাংস্কৃতিক সন্থাৰ সৌজন্যত ৭, ৮ আৰু ৯ নৱেম্বৰত তিনিদিনীয়াকৈ নিমন্ত্ৰণ জনোৱা হৈছিল থিয়েটাৰ খন ৷ কিন্তু চুক্তি অনুসৰি ৭ নৱেম্বৰত নাটক প্ৰদৰ্শন কৰিব নোৱাৰিলে থিয়েটাৰ কৰ্তৃপক্ষই ৷ ইফালে নিৰ্ধাৰিত তাৰিখতকৈ এদিন পলমকৈ থিয়েটাৰখন আৰম্ভ হোৱাৰ কথা আছিল যদিও বুধবাৰেও থিয়েটাৰ প্ৰদৰ্শন কৰিব নোৱাৰি ভ্ৰাম্যমান পেণ্ডেলৰ পৰা কিছু সামগ্ৰী লৈ পলায়ন কৰে থিয়েটাৰ কৰ্তৃপক্ষ ৷ যাৰ ফলত বিপাঙত পৰা থিয়েটাৰ পৰিচালনা সমিতি বৰপথাৰ আৰক্ষীৰ কাষ চাপিবলগীয়া হয় ৷ ইতিমধ্যে থিয়েটাৰ কৰ্তৃপক্ষৰ বিপক্ষে এজাহাৰ দাখিল কৰিছে ৷
আনহাতে, থিয়েটাৰ প্ৰদৰ্শনৰ নামত নাট্যপ্ৰেমী ৰাইজৰ পৰা টিকটৰ বিক্ৰী কৰি সংগ্ৰহ কৰা টকা ঘূৰাই দিয়া হ’ব বুলি জানিবলৈ দিছে পৰিচালনা সমিতিয়ে ৷ উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ৰুদ্ৰকন্যা থিয়েটাৰ কৰ্তৃপক্ষৰ গাফিলতি তথা দায়িত্বহীন কৰ্মকাণ্ডৰ বাবেই ধনশিৰি মহকুমাৰ চুঙাজান অঞ্চলতো থিয়েটাৰ বাতিল কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সমান্তৰালভাৱে গেলাৰী ভাঙি বহুলোক আঘাটপ্ৰাপ্ত হ’বলগীয়া হৈছিল ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
