
কামৰূপ, ২৫ জুলাই (হি.স.): ৰঙিয়াৰ এগৰাকী লোকৰ ৰহস্যজনক অৱস্থাত গাড়ীৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । মৃত লোক জন নলবাৰী নবস্তিৰ কন্দৰ্প কলিতা বুলি পৰিচয় পোৱা গৈছে । ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত কালি নিশা ৰৈ থকা গাড়ীৰ ভিতৰত প্ৰত্যক্ষ কৰে এগৰাকী মৃত লোকক।
ইঞ্জিন চলিত ৰৈ থকা গাড়ী খনৰ চালকৰ চিটত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে লোক জনক। ৰঙিয়াৰ মৰানজানাৰ কেডি আইৰণ কোম্পানীত কৰ্মৰত আছিল লোক গৰাকী। কেডি আইৰণ কোম্পানীৰ গাড়ীতেই মৃত অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। গাড়ী খনৰ বাণিজ্যিক পঞ্জীয়ন ভুক্ত নং এএছ ০১ চিচি ৪৪৬৩ বুলি জানিব পৰা গৈছে। লোকজনৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
