
































যোৰহাট, ২৪ জানুৱাৰী (হি.স.)। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ টীয়কৰ চিন্তামণিগড়ৰ নাম উজ্বলাবলৈ সক্ষম হোৱা সুনীতা বৰাক আজি তেওঁ পঢ়া বিদ্যালয়খনৰ উদ্যোগত ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়। শিক্ষাৰ আদিপাঠ চিন্তামনিগড়ত চৰকাৰী বিদ্যালয়ত আৰম্ভ কৰা সুনীতা বৰা বিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল তথা শিক্ষক কৰ্মচাৰী সকলো উৎফুল্লিত হৈ পৰে আৰু সুনীতা বৰ্তমান সকলোৰে আদৰ্শ বুলি অভিহিত কৰে।
উল্লেখযোগ্য যে কোনো টিউচন নোলোৱাকৈ জীৱনৰ সকলো শিক্ষা চৰকাৰী খণ্ডৰ বিদ্যালয়,মহাবিদ্যালয়ত গ্ৰহণ কৰা সুনীতা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰাটো অতি গুৰুত্বপুৰ্ণ বুলি বিবেচিত হৈছে। ইপিনে বৰ্তমান নগাঁও জিলাত শিক্ষয়ত্ৰী হিচাপে কৰ্মৰত সুনীতাই গাণনিক বিষয়া হিচাপে উত্তীৰ্ণ হৈছে। সুনীতাৰ এই সফলতাত এতিয়া সকলো আনন্দিত হৈ পৰিছে আৰু সুনীতাও আগলৈ এইদৰে বৃহত্তৰ চিন্তামণিগড় অঞ্চলক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে আৰু সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/আলোক.
