
হোজাই, ২১ ডিছেম্বৰ (হি.স.):হোজাই আৰক্ষীৰ জালত কালি আবেলি পৰে নিষিদ্ধ ট্রেমাদল টেবলেটসহ এজন সৰহবৰাহকাৰী। হোজাই পুৰণাবজাৰ গুডলাক কুৰিয়াৰ চাৰ্ভিছত অভিযান চলাই জব্দ কৰে টেবলেটখিনি।
হোজাই থানাৰ চহৰ উপপৰিদৰ্শক চিন্ময় বৰাৰ নেতৃত্বত এই অভিযান চলাইছিল। অভিযানকালত আৰক্ষীয়ে জব্দ কৰে ১৬১ পেকেট নিষিদ্ধ ট্রেমাদল টেবলেট ।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে শ্যামলাল গুপ্তা নামৰ এগৰাকী ব্যক্তিক। জব্দকৃত নিষিদ্ধ টেবলেট সন্দৰ্ভত হোজাই আৰক্ষীৰ তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
