শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাইও অভিনয়ত আত্মপ্ৰকাশ কৰিছে। তেওঁৰ বায়’পিক ‘ইউটি ৬৯’ ৩ নৱেম্বৰত মুক্তি পাইছিল। যোৱা কেইবাদিনো এই ছবিখনক লৈ যথেষ্ট চৰ্চা চলিছিল। ছবিখন মুক্তি পোৱাৰ পিছত প্ৰথম দিনাৰ উপাৰ্জনৰ পৰিসংখ্যা ওলাইছে।
চাকনিল্কৰ প্ৰতিবেদন অনুসৰি ৰাজ কুন্দ্ৰাৰ ‘ইউটি ৬৯’য়ে প্ৰথম দিনাই মাত্ৰ ১০ লাখ টকা সংগ্ৰহ কৰিছে। উপাৰ্জনৰ পৰিসংখ্যা চালে আমি দেখিবলৈ পাওঁ যে ছবিখনৰ আৰম্ভণি হতাশাজনক আছিল। কিন্তু ছুটিৰ দিনত উপাৰ্জন বৃদ্ধি পাব পাৰে বুলি অনুমান কৰা হৈছে।
২০২১ চনত পৰ্ণগ্ৰাফীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৰাজ কুন্দ্ৰা। অশ্লীল অ’টিটি এপৰ জৰিয়তে অশ্লীল বিষয়বস্তু সৃষ্টি কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। এই ক্ষেত্ৰত তেওঁ দুমাহ আৰ্থাৰ ৰোড জেলত থাকিব লগা হৈছিল। ‘ইউটি ৬৯’য়ে ৰাজ কুন্দ্ৰাৰ আৰ্থাৰ ৰোড জেলত থকা দিনবোৰৰ ওপৰত পোহৰ পেলায়। এই ছবিখনত ৰাজ কুন্দ্ৰাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনৰ পৰিচালনা কৰিছে পৰিচালক শ্বাহনৱাজ আলীয়ে।
ইফালে জেলৰ পৰা ওলাই অহাৰ পিছত ৰাজ কুন্দ্ৰাক ৰাজহুৱা স্থানত আৰু সংবাদ মাধ্যমৰ সন্মুখত সদায় মাস্ক পিন্ধা দেখা গৈছিল, যাৰ ফলত তেওঁক ‘মাস্ক মেন’ হিচাপে নতুন পৰিচয় দিয়া হৈছিল। এই মাস্কৰ বাবেই তেওঁক প্ৰায়ে ট্ৰল কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ/লোকেশ চন্দ্ৰ/মনোজ
