
দৰং, ২০ জুলাই (হি.স.): দৰং জিলাৰ ছিপাঝাৰস্হ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত যোৱা কালি শনিবাৰে বিয়লি অংগনাবাড়ী কৰ্মী সকলৰ মাজত মোবাইল ফোন বিতৰণ কৰা হয়। দৰঙৰ পাথৰিঘাটত কৃষক শ্বহীদ ভৱন প্ৰাংগণত জিলা মহিলা আৰু শিশুবিকাশ বিভাগ, দৰঙৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত অংগনাবাড়ী কৰ্মীসকলৰ মাজত মোবাইল ফোন বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়।
ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত অংগনাবাড়ী কেন্দ্ৰসমূহৰ কৰ্মীৰে পৰিপূৰ্ণ সভাত ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশী, দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন ডেকা, পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া কৰবী ৰংপিপি, জিলা সমাজ কল্যাণ বিষয়া কুশেশ্বৰ বড়া, জিলা অতিৰিক্ত উপায়ুক্ত অজিত কলিতা, ছিপাঝাৰ সংহত সমাজ কল্যাণ বিষয়া প্ৰণিতা তালুকদাৰসহ ভালেমান বিশিষ্টব্যক্তিয়ে অংশগ্ৰহণ কৰে। ভিন্নপ্ৰান্তৰ অংগনবাড়ী কৰ্মীৰে পৰিপূৰ্ণ সভাত জিলা সমাজকল্যাণ বিভাগৰ জিলা সমন্বয়ক পাৰভেজ মেহদিয়ে আতঁধৰা অনুষ্ঠানত ৪৮৮ গৰাকীক মোবাইলফোন প্ৰদান কৰে।
আনহাতে আজিৰ সভাতে চান্দৈপাৰা শংকৰদেৱ খুলীয়া ভাওৰীয়া দলক একলক্ষ টকাৰ চেক প্ৰদান কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
