কোকৰাঝাৰ, ২০ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ অন্তৰ্গত সেৰফাংগুৰী চিলাৰায় ভবনত যোৱাকালি আবেলি কোচ ৰাজবংশী সচেতন সমাজৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত হয়।
উক্ত সভাত কোচ ৰাজবংশী সকলৰ শৈক্ষিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক ৰাজনৈতিক দিশত আলোচনা হয়। উক্ত সভাত কে এ চি ৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন ই এম কৰ্মেশ্বৰ ৰায় আক্ৰাছুৰ সভাপতি বলোৰাম বৰ্মন আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। সেৰফাংগুৰী ৰামফলবিল অঞ্চলৰ বহু সংখ্যক ৰাইজ উপস্থিত আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
