
মৰিগাঁও, ২০ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰীৰ আগমনৰ দিনটোতে চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল জাগীৰোড। জলজীৱন আঁচনিৰ বিফল আৰু দুৰ্নীতিৰ প্ৰতিবাদত জাগীৰোডত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে মায়ং ব্লক আৰু জাগীৰোড ব্লক কংগ্ৰেছৰ উদ্যোগত বিজেপি চৰকাৰৰ বিৰুদ্ধে জল জীৱন আঁচনিৰ বিফলতা আৰু দুৰ্নীতিৰ প্ৰতিবাদত শনিবাৰে জাগীৰোড ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা উলিওৱা হয় এক প্ৰতিবাদী সমদল। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদিকা বিদিশা নেওগ, জাগীৰোডৰ প্ৰাক্তন বিধায়ক তথা ন-কংগ্ৰেছ নেতা বুবুল দাস আৰু মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰৰ উপস্থিতিত উলিওৱা এই সমদল জাগীৰোড চহৰৰ মাজমজিয়াৰে পৰিভ্ৰমণেৰে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে আকাশ বতাহ । এই ধৰ্ণা কাৰ্যসূচীত কেইবাশতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / Narayan Kar
