কোকৰাঝাৰ, ১৯ আগষ্ট (হি.স.): শ্ৰীৰামপুৰ দেশবন্ধু ক্লাবৰ প্ৰাংগনত ইউপিপিএল দলৰ মহিলা কৰ্মীসকলক লৈ সোমবাৰে বিয়লি এক গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হৈ যায়। সভাত মূখ্য অতিথি হিচাপে বিটিআৰৰ এগজিকিউটিভ মেম্বাৰ (ইএম) উইলছন হাছদা উপস্থিত আছিল।
সভাত ভাষণ দিয়া সময়ত উইলছন হাছদায়ে কয় যে, “ইউপিপিএল দলে মহিলা শক্তিক আগবঢ়াবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ। মহিলাসকলে ৰাজনীতিত সক্ৰিয় ভূমিকা গ্ৰহণ নকৰিলে সমাজৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ নহয়। বিশেষকৈ বিটিআৰ অঞ্চলৰ শান্তি, উন্নয়ন আৰু সামাজিক ভ্ৰাতৃত্ব বজাই ৰাখিবলৈ মহিলাৰ অংশগ্ৰহণ অতি প্ৰয়োজনীয়।”
তেওঁ লগতে দলৰ আসন্ন কাৰ্যসূচী আৰু সংগঠনত মহিলা সক্ৰিয় কৰ্মীৰ ভূমিকা কেনেদৰে অধিক ফলপ্ৰসূ কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে। সভাখনত বহু সংখ্যক স্থানীয় মহিলা কৰ্মীয়ে অংশগ্ৰহণ কৰে আৰু দলৰ সৈতে আগলৈ কেনেকৈ অধিক সংগঠিতভাৱে কাম কৰিব পাৰি তাৰ ওপৰত মত বিনিময় কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
