
কামৰূপ, ২৮ জুলাই (হি.স.): সোণাপুৰৰ কমলাজাৰীত যোৱা কালি দেওবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাকে মহতিয়ালে ৬০ উৰ্ধৰ বৃদ্ধা এগৰাকীক। ফলত থিতাতে নিহত হয় ফুলেশ্বৰী ভদ্ৰ ৰাহাঙ নামৰ বৃদ্ধাগৰাকী। এখন স্কুটিত আহিছিল বৃদ্ধা গৰাকী ।
গণেশ শৰ্মা মালিকাধীন আধাৰ গ্ৰীণ ইথানল কোম্পানীৰ পৰা ওলাই অহা ট্ৰাকে তীব্ৰ বেগত অহাত নিয়ন্ত্ৰণ হেৰুৱাই স্কুটিখন বাগৰি পৰে ফলত বৃদ্ধা গৰাকীক ট্ৰাকে মহতিয়াই লৈ যায়। ইফালে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখন পলায় যায় । এই ঘটনাকলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
ঘটনাস্থলীত সোণাপুৰ যান বাহন আৰক্ষী উপস্থিত হয় যদিও স্থানীয় ৰাইজে আৰক্ষীক জবাবদিহি কৰিছে ।অঞ্চলটোত দীৰ্ঘদিন ধৰি গধুৰ যান বাহনৰ দৌৰাত্মই আতংকৰ সৃষ্টি কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।দুৰ্ঘটনা সংঘটিত কৰা বাহন ধৰা নপৰা পৰ্যন্ত মৃতদেহ পথৰ ওপৰৰ পৰা উঠোৱাত বাধা দিয়ে স্থানীয় ৰাইজে।গধুৰ যান বাহনৰ দৌৰাত্ম সন্দৰ্ভত সোণাপুৰৰ যান বাহন আৰক্ষীয়ে ব্যৱস্থা নলোৱাৰ অভিযোগ কৰে লোক সকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
