
লক্ষিমপুৰ, ৩০ ডিছেম্বৰ (হি.স.): লাচিত এক্সপ্ৰেছত চোৰে চলাই গৈছে দুষ্কাৰ্য। চুৰি কাৰ্যৰ ফলত নিশা ৰে’লত যাত্ৰা কৰাসকলৰ বাবে অসুবিধাজনক হৈ পৰিছে। শুকুৰবাৰে নিশা লক্ষিমপুৰৰ পৰা ৰঙিয়া লৈ বুলি যাত্ৰা কৰা লক্ষিমপুৰৰ এজন লোকৰ জোতা চুৰ কৰি লৈ যায় চোৰে। তাৰ পাছতে হাহাকাৰ লাগে লোক জনৰ। কালি নিশা ৰে’লত নিজৰ আসনত শুই থকা অৱস্থাত চোৰে আহি জোতা যোৰ চুৰি কৰি নিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
