নতুন দিল্লী, ০৫ জুলাই (হি.স.)। উত্তৰ প্ৰদেশৰ সম্ভলত শনিবাৰে সংঘটিত পথ দুৰ্ঘটনাত নাগৰিকৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃত পৰিয়ালসমূহৰ প্ৰতিটোলৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ এককালিন সাহাৰ্য ঘোষণা কৰিছে। এই ঘটনাৰ দৰাসহ আঠজন লোকৰ মৃত্যু হৈছিল।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এক পোষ্টত কয়, উত্তৰ প্ৰদেশৰ সম্ভলত সংঘটিত হোৱা দুৰ্ঘটনাত লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। দুৰ্ঘটনাত আপোনজনক হেৰুওৱাসকলক শোক প্ৰকাশ কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। প্ৰত্যেকজন মৃতকৰ পৰিয়ালক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ ধনৰাশি দিয়া হ’ব। আহতসকলক ৫০ হেজাৰ টকা দিয়া হ’ব।
উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ সম্ভল জিলাৰ জুনৱাই থানা এলেকাত শুকুৰবাৰে সন্ধিয়া সংঘটিত পথ দুৰ্ঘটনাত দৰাকে ধৰি ৮জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়। জুনৱাই থানা এলেকাৰ হৰগোবিন্দপুৰ নিবাসী সুৰজ (২৪)ৰ বিবাহ যাত্ৰা বদৌন অভিমুখে ৰাওনা হোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। দৰা সুৰজৰ লগত গাড়ীত বহি আছিল তেওঁৰ বৌয়েক আশা (২৬), ভতিজা বিষ্ণু (০৬), ভতিজী ঐশ্বৰ্য (০২) তথা আন কেইজন। গাড়ীৰ তীব্ৰ গতিৰ বাবে ড্ৰাইভাৰে ষ্টিয়াৰিঙৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। অনিয়ন্ত্ৰিত গাড়ীখনে জনতা ইণ্টাৰ কলেজৰ বেৰত খুন্দা মাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
