গোলাঘাট, ১৩ নৱেম্বৰ ( হি স)। মন্ত্ৰী অতুল বৰাই মহানুভৱতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। পথৰ কাষত পৰি থকা এগৰকী মহিলাক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে মন্ত্ৰী অতুল বৰাই।
বোকাখাত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ দুৱাৰ মুকলি অনুস্থানলৈ আহি থকা অৱস্থাত পথৰ দাঁতিত পৰি আছিল এগৰাকী মহিলা। মহিলা গৰাকী জেএমচিএইচত কৰ্মৰত নাৰ্ছ আভা দাস বুলি জানিব পৰা গৈছে। আজি কৰ্তব্যৰ পৰা ঘুৰি আহি ঘৰৰ সমুখত অচেতন অৱস্থাত পৰি আছিল নাৰ্চ গৰাকী। মন্ত্ৰী অতুল বৰাৰ কনভয় ৰখাই মহিলা গৰাকীৰক নিজৰ বাহনত বোকাখাত কমলামিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
