
বৰপেটা, ১৫ আগষ্ট (হি.স.): বৰপেটা জিলাৰ পাঠশালাৰ মিলনপুৰস্থিত বজালী জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত যোৱাকালি বৃহস্পতিবাৰে সন্ধিয়া মহিলা কংগ্ৰেছ সমন্নিতে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ নিপাত যাওক, নৰেন্দ্ৰ মোদী গোবেক, হিমন্ত বিশ্ব শৰ্মা গো বেক, ভোট চোৰ চকি এৰক, ৰাহুল গান্ধী জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ আদি ধ্বনিৰে কংগ্ৰেছে আকাশ-বতাহ কঁপাই তোলে। উক্ত এই প্ৰতিবাদৰ নেতৃত্ব দিয়ে বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্তমণি শৰ্মাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
