কোকৰাঝাৰ, ২২ আগষ্ট (হি.স.)। ছেপ্তেম্বৰত অনুষ্ঠিত হব লগা আগন্তুক বি টি আৰ নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় কাৰ্য্যকৰী সমিতি, ইউ পি পি এলৰ কেন্দ্ৰীয় মূল সমিতিৰ পৰামৰ্শ অনুসৰি ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োই প্ৰথম পৰ্যায়ত ওঠোৰ গৰাকী প্ৰাৰ্থীৰ তালিকা কালি নিশা প্ৰকাশ কৰিছে৷
তালিকা অনুসৰি ৩ নং শ্ৰীৰামপুৰত কাৰ্যবাহী সদস্য উইলছন হাছদা, ৪ নং জমদুৱাৰ সাৰঞ্জিত বসুমতাৰী, ৫ নং শৰাইবিল সমষ্টিত ইউপিপএলৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী, ৭ নং ফকিৰাগ্ৰামত প্ৰাক্তন পাৰিষদ আফজাল হক সৰকাৰ, ৯ নং বনৰগাঁওত ৰবিৰাম ব্ৰহ্ম, ১১ নং বাওখুংগ্ৰি সমষ্টিত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ১২ নং ছালাকাটিত বিধায়ক লৰেঞ্চ ইছলাৰী, ১৩ নং চিৰাংত ছাইখং বসুমতাৰী, ১৫ নং কাজলগাঁও সমষ্টিত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, ১৮ মানস ছেৰফাং কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, ২২ নং কোকলাবাৰীত মন্টু বড়ো, ২৪ নং মুছলপুৰত কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, ২৫ নং বাগানপাৰাত বিটিচি অধ্যক্ষ কাতিৰাম বড়ো, ২৬ নং দৰংগাজুলিত জলেন দৈমাৰী, ২৭ নং নাগ্ৰীজুলিত ৰবিন বালা বিশ্বাস, ২৯ নং শুক্লাই ছেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰী, ৩৭ নং ধনশ্ৰীত ৰাজুগৌড়া নাৰ্জাৰী আৰু ৪০ নং ৰৌতা পৰিষদীয় সমষ্টিত কাৰ্যবাহী সদস্য ডা° নিলুৎ স্বৰ্গয়াৰীয়ে প্ৰাৰ্থীত্ব লাভ কৰিছে৷
উল্লেখযোগ্য যে বিটিআৰ সদৰ কোকৰাঝাৰত মুঠ ১২ সমষ্টিৰ ভিতৰত সাতটা সমষ্টিত দলীয় প্ৰাৰ্থী ঘোষণা কৰিছে৷ বাকী ১ নং পৰ্বতঝোৰা, ২ নং গুমা, ৬ নং কচুগাঁও, ৮ নং দোতমা আৰু ১০ নং দেৱৰগাঁও পৰিষদীয় সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
