ডিব্ৰুগড়, ১৮ ডিছেম্বৰ (হি.স.): ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানা অন্তগত ৰংচঙীত দেওবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাতো এজন ব্যক্তি থিতাতে নিহত হয় ৷ ব্যক্তিজনৰ নাম চাবোৱাৰ ৰবিন গগৈ (২২) বুলি জানিব পৰা গৈছে ৷
টেঙাখাতৰ পৰা ঘৰলৈ বুলি এএছ ২৩ এএফ ৪৮৯৩ নম্বৰৰ স্কুটীৰে গৈ থাকোঁতে বিপৰীত দিশৰ পৰা অহা এএছ ০৬ একে ৫৯৫৬ নম্বৰৰ মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ হোৱা ফলত দুৰ্ঘটনাতো সংঘটিত হয় ৷ মটৰ চাইকেলত থকা দুজন ব্যক্তি কৈশিক বৰুৱা (২১) আৰু দুলেশ্বৰ বৰা (২২) গুৰুতৰভাৱে আহত হোৱাত ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে ঘটনা স্থলিত আৰক্ষী উপস্থিত হৈ ঘটনা বুজ লৈ তদন্ত অব্যাহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
