গোলাঘাট, ২০ জানুৱাৰী(হি.স.)। পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ বাবে গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপাযণ কৰা হয ৷ অসমৰ চৰকাৰী এন.পি.এছ কৰ্মচাৰী সংস্থাই পুৰণি পেঞ্চন ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন সময়ত কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷
চৰকাৰী কৰ্মচাৰী সকলৰ দাবী চৰকাৰে তেওঁলোকৰ প্ৰতিবাদৰ ভাষা বুজি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখক ৷ এন.পি.এছ কৰ্মচাৰী সকলৰ এই দাবী শীঘ্ৰেই যদি কাৰ্যকৰী নকৰে তেতিয়া অনাগত দিনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/মনোজ
