
ধুবুৰী, ০৯ ডিছেম্বৰ (হি স)। পশ্চিম বিলাসীপাৰাৰ মহামায়া বনাঞ্চলত হিমালয়া প্ৰজাতিৰ এটা দুষ্পাপ্য শগুন উদ্ধাৰ কৰা হৈছে। খোৰাঘাট বনাঞ্চলিকৰ অধীনস্থ ৰাজাপাৰা বন কাৰ্যালয়ৰ সমীপত অসুস্থ অৱস্থাত উদ্ধাৰ হয় হিমালয়া প্ৰজাতিৰ দুষ্পাপ্য শগুন এটা ।
পিছত অসুস্থ শগুনটোক খোৰাঘাট বনাঞ্চলিক বিষয়াই উদ্ধাৰ কৰি প্ৰাথমিক ভাৱে শুশ্ৰুষা কৰি কোকৰাঝাৰ জিলাৰ চৰাইখোলাৰ বন্য প্ৰাণী চিকিৎসালয় লৈ প্ৰেৰণ কৰে। চৰাইখোলা বন্য প্ৰাণী চিকিৎসালয়ত শগুনটোক চিকিৎসা প্ৰদান কৰি সম্পূৰ্ণ সুস্থ হোৱাত পুনৰ মহামায়া বনাঞ্চললৈ লৈ অহা হয় । পৰবৰ্তী সময়ত বনাঞ্চল খনৰ শাল বাগানত শগুনটোক এৰি দিয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
