কামৰূপ, ০৫ নৱেম্বৰ (হি.স.): ৰাজ্যৰ আন-আন প্ৰান্তৰ লগতে হাজোৰ সত্ৰনগৰী ৰামদিয়াতো ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা যোৱা কালি মঙলবাৰৰ পৰা ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে । ৰামদিয়া হিতসাধিনী সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা ১২৪ সংখ্যক ৰামদিয়া ৰাস মহোৎসৱৰ যোৱা কালি মঙলবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে প্ৰদেশ বিজেপিৰ অনুসচিত জাতি মৰ্চাৰ উপ-সভাপতি ডা: বেদব্ৰত পাঠকে ।
এক আধ্যাত্মিক পৰিবেশত অনুষ্ঠিত হোৱা এই ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামী, প্ৰাক্তন বিধায়ক দ্বীপেন পাঠক । ৰাসৰ মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ৰাস-ৰেখা শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন কৰে হৃষিকেশ গোস্বামীয়ে। সত্ৰ নগৰী ৰামদিয়াত ৰাসক লৈ এক উদুলি-মুদুলি পৰিবেশ বিৰাজ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
