চিৰা, ২৪ নৱেম্বৰ (হি.স.)। পথসুৰক্ষা জন সচেতনতা কাৰ্যসূচী লৈ চিৰাঙত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মটৰচাইকেল ৰেলী। পথসুৰক্ষা নীতি মানি চলিবলৈ সকলোকে আহ্বান মন্ত্ৰী পৰিমল সুক্লবৈদ্যৰ।
পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে বিশ্ব স্মৃতি দিৱস উপলক্ষে অসমৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষা জনসচেতনতা কাৰ্যসূচী হাতত লৈ চিৰাং জিলাতো মটৰ চাইকেল সমদলত ভাগ লয়।
আজি পুৱাভাগত শুক্লবৈদ্যই জিলাখনৰ ঢালিগাঁৱস্থিত বঙাইগাওঁ শোধনাগাৰৰ মানাহ অতিথিশালাত চিৰাং জিলা পথসুৰক্ষা সমিতিৰ এখন সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে জনসাধাৰণক পথ দুৰ্ঘটনাৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ পথ সুৰক্ষাৰ নিয়মসমূহ বাৰে বাৰে কৈ থাকিব লাগিব। হেলমেট নিপিন্ধাকৈ যেন কোনোৱে দুচকীয়া বাহন নচলায়, চাৰিচকীয়া গাড়ী চলাওতে যেন ছিটবেল্ট মাৰি লয়, সুৰাপান কৰি যাতে কোনোৱে গাড়ী নচলায় আৰু কোনোৱে যাতে গতিবেগৰ উচ্চ সীমা পাৰ কৰি গাড়ী নচলায় সেয়া জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকলে বাৰে বাৰে জনসাধাৰণক ক”ব লাগিব।
তদুপৰি লোক নিৰ্মাণ পথ বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁঠনি উন্নয়ন নিগম বা ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰয়োজন সাপেক্ষে ফলক লগোৱা বা গতিৰোধক দিয়া আদি কাম সময়ে সময়ে কৰি থাকিব লাগিব বুলিও সভাত তেওঁ ব্যক্ত কৰে ৷
মন্ত্ৰীগৰাকীয়ে কয় যে আমি মানৱ সম্পদ হেৰুৱাব নোখোজো। মানৱ সম্পদ সুৰক্ষিত থাকিলে দেশৰ উন্নয়ন হ”ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। মন্ত্ৰী গৰাকীৰ মটৰচাইকেল ৰেলীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, চিৰাং জিলাৰ আয়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডী, অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শৰ্মা, জিলা পৰিবহন বিষয়া দীপক পাটোৱাৰীসহ কে”বাটাও বিভাগৰ বিষয়াই অংশ গ্ৰহণ কৰে ৷
মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ঢালিগাঁৱৰ পৰা বিজনী চহৰলৈ মটৰচাইকেল ৰেলীৰ যাত্ৰা আৰম্ভ কৰে । মন্ত্ৰীৰ সৈতে চিৰাঙৰ গোল্ডেন লাংগুৰ মটৰচাইকেল ৰাইডাৰ্ছৰ সদস্য সকলে অংশ গ্ৰহণ কৰে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
