
নলবাৰী, ০৭ অক্টোবৰ (হি.স.): নলবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। যোৱা কালি সোমবাৰে সংঘটিত হয় এই ঘটনা। নলবাৰীৰ জৈন মন্দিৰৰ সন্মুখত যোৱা কালি সোমবাৰে সন্ধিয়া ঘটে ভয়াবহ দুৰ্ঘটনাটো ৷
জানিব পৰা মতে ডিভাইদাৰত খুন্দা মাৰি লুটি বাগৰ খালে চাৰি চকীয়া বাহন এখন। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই। দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে চালকসহ আৰোহী কেইজনৰ । জানিব পৰা মতে নলবাৰীৰ হৰি মন্দিৰৰ দিশৰ পৰা বাটা চকৰ ফালে ফালে আহি আছিল দুৰ্ঘটনাত পতিত হোৱা চাৰিচকীয়া বাহনখন । হঠাৎ ডিভাইদাৰত খুণ্ডা মাৰি পৰি যায় বাহনখন। তীব্ৰ বেগেৰে অহাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি প্ৰত্যক্ষ দৰ্শীয়ে ব্যক্ত কৰে। পিছত আহত লোক কেইজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। ভূক্তভোগী কেইজনৰ অৱস্থা গুৰুতৰ নহয় বুলি জনা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
