ধেমাজি, ১৯ ছেপ্টেম্বৰ (হি.স.)।ধেমাজিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে ৷ অসমৰ লগতে অৰুণাচল প্ৰদেশৰ এক বৃহৎ অঞ্চলৰ যাতায়ত তথা পথ যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা তথা ব্ৰক্ষ্মপুত্ৰৰ উত্তৰপাৰৰ আয়ুস ৰেখা হিচাপে চিহ্নিত এই ৰাষ্ট্ৰীয় ঘাইপথটো ধেমাজি নগৰৰ সমীপৰ ভজো গাঁৱত ধাৰণ কৰিছে বিধ্বস্ত ৰূপ।
ৰাষ্ট্ৰীয় ঘাইপথ নহয় যেন পুখুৰীহে হৈ পৰিছে ৷ মৰণত শৰণ দি পথচোৱাইদি যাতায়ত কৰিব লগা হৈছে ৰাইজে ৷
যোৱা এপ্ৰিল মাহতেই এই পথচোৱাৰ লগতে সংলগ্ন এটা কালভাৰ্ট নিৰ্মাণৰ বাবে জনৈক ঠিকাদাৰক কামৰ আৱন্টন দিয়া হৈছিল । পিছে যাতায়তৰ সু-ব্যৱস্থা কৰিবলৈ কালভাৰ্ট নিৰ্মাণৰ কামৰ প্ৰতি ঠিকাদাৰে কোনো কাণসাৰ দিয়া পৰিলক্ষিত হোৱা নাই ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
