নতুন দিল্লী, ০৮ ডিছেম্বৰ (হি.স.)। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বৃহস্পতিবাৰে সন্ধিয়া মহিলা প্ৰিমিয়াৰ লীগৰ বাবে এখন সমিতি ঘোষণা কৰে, যিয়ে ডব্লিউ পি এলক নতুন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
এই সমিতিখন বিভিন্ন পটভূমিৰ পৰা আহিছে আৰু বিচিচিআইয়ে বিশ্বাস কৰে যে তেওঁলোকৰ সামূহিক বিশেষজ্ঞতা আৰু মহিলা ক্ৰিকেটৰ প্ৰচাৰৰ প্ৰতি থকা আবেগে তেওঁলোকক মহিলা প্ৰিমিয়াৰ লীগৰ বাবে এক অমূল্য সম্পদ কৰি তুলিছে।
মহিলা প্ৰিমিয়াৰ লীগৰ বৃদ্ধি আৰু সফলতাত অৰিহণা যোগোৱাৰ সুযোগ পাই কমিটীৰ সদস্যসকল উৎসাহিত হৈছে। তেওঁলোকে অংশীদাৰ, খেলুৱৈ আৰু অনুৰাগীৰ সৈতে সহযোগিতা কৰি মহিলা ক্ৰিকেটৰ ভিতৰত থকা অপৰিসীম প্ৰতিভাক প্ৰদৰ্শন কৰা এক সজীৱ আৰু প্ৰতিযোগিতামূলক পৰিৱেশ গঢ়ি তুলিবলৈ আগ্ৰহী।
মহিলা প্ৰিমিয়াৰ লীগৰ বাবে কমিটীৰ সদস্যসকল হ’ল-
ৰজাৰ বিনি – সভাপতি, জয় শ্বাহ – আহ্বায়ক, অৰুণ ধুমল – আই পি এলৰ সভাপতি, ৰাজীৱ শুক্লা – বি চি চি আইৰ উপ সভাপতি, আশীষ শ্বেলাৰ – বি চি চি আইৰ সন্মানীয় কোষাধ্যক্ষ, দেৱজিৎ শইকীয়া – বি চি চি আইৰ সন্মানীয় যুটীয়া সম্পাদক, মধুমতী লেলে, প্ৰভাতেজ ভাটিয়া।
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ/অৰবিন্দ
