দৰং, ২২ জুন (হি.স.): দৰং জিলাৰ দলগাওঁ বিধান সভা সমষ্টিৰ বালিগাঁও গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ বাবে হোৱা ভোটদানক কেন্দ্র কৰি যোৱা কালি শনিবাৰে বিয়লি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়| উল্লেখ্য যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত নতুন নিয়ম অনুসৰি পঞ্চায়তৰ সভাপতি নিৰ্বাচন বিজয়ী ৱাৰ্ড সদস্যসকলে কৰিব আৰু এই নিয়মৰ মাজেৰে শনিবাৰে বালিগাওঁ পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত ৱাৰ্ড সদস্য সকলে ভোটদান সাব্যস্ত কৰাৰ পিছতে পিৰিস্হিতি উত্তপ্ত হৈ পৰে |
কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় চাৰি গৰাকী ৱাৰ্ড সদস্যই দলগাঁও ৰাজহ চক্ৰ বিষয়াক ঘেৰাও কৰি আক্ৰমণ কৰিবলৈ চেষ্টা কৰে । গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ভোটদান কৰি পঞ্চায়ত সভাপতি নিৰ্বাচন কৰাৰ পিছত পৰাস্ত কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় চাৰি ৱাৰ্ডই সদস্যই নিজৰ সমৰ্থকক লৈ প্ৰতিবাদ কৰে ।
লক্ষণীয় যে এআইইউডিএফ সমৰ্থিত নিৰ্দলীয় চাৰি গৰাকী ৱাৰ্ড সদস্যৰ লগত কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় দুই ৱাৰ্ড সদস্যই প্ৰথমে এআইইউডিএফ সমৰ্থিত সভাপতিৰ পক্ষে ভোটদান কৰিছিল। পিছত কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় ৱাৰ্ড সদস্যসকলে পুনৰ ভোট দানৰ দাবী জনাই পৰাজিত কংগ্ৰেছ দলৰ সমৰ্থিত লোকে ৰাজহ চক্ৰ বিষয়াক ঘৰাও কৰি পৰিস্হতি উত্তপ্ত কৰি তোলে।
ইপিনে এই ঘটনাটোক কেন্দ্ৰ কৰি যি অভাবনীয় পৰিস্হিতিৰ সৃষ্টি হ’ল তাকলৈ নৱ নিৰ্বাচিত সভাপতিজনে দুখ প্ৰকাশ কৰিছে | পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ বাবে উদ্ভৱ হোৱা পৰিস্হিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বাহিনী মোতায়ণ কৰে প্ৰশাসনে |
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
